পৃষ্ঠা:Manomati.pdf/২৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


চৌধাৰীৰ ঘৰৰ ঘৰোৱাহেই কান্দিলে। মনোমতীক পমীলা আৰু তিলোত্তমাই বুজাবলৈ ধৰিলে। এইদৰে হুখে-মুখে সেই দিনটোও বন্দীসকলৰ অনাথ চৌধাৰীৰ ঘৰতে গ’ল। হলকান্ত বৰুৱাই ঘৈণীয়েকৰ শৰাধৰ ব্ৰত ধৰিলে।

 ছয় সাত দিনৰ মূৰত লক্ষ্মীকান্ত বৰুৱা ভাল হ’ল। তেৱোঁ মাকৰ শ্ৰদ্ধাৰ ব্ৰত ধৰিলে। এইদৰে এমাহৰ মূৰত লক্ষ্মীকান্তই অনাথ চৌধাৰীৰ ঘৰতে ব্ৰত ধৰি মাকৰ শৰাধ কৰি শুচি হ’ল।

 ঘৈণীয়েকৰ শৰাধ কৰি হলকান্ত বৰুৱাই সকলোকে তাতে এৰি অনাথ চৌধাৰীক তেওঁৰ ঘৰৰ পৰা যাবলৈ বিদায় খুজিলে। আৰু জীয়েক পুতেক সকলোকে আশীৰ্ব্বাদ কৰি অনাথ চৌধাৰীৰ ঘৰ এৰি হলকান্ত বৰুৱাই পচিম উত্তৰ মুখেদি গৈ চাউলখোৱা নৈ পাৰ হৈ ৰূপসী মৌজাৰ অগাধ অৰণ্যত প্রবেশ কৰিলে।