পৃষ্ঠা:Manomati.pdf/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুধিলে—“আতৈ? দেউতা আহিছেনে?” শন্তিৰামে হাতেৰে ইঙ্গিত কৰি পমীলাক অলপ পৰ মনে মনে থাকিবলৈ কৈ জলপান কেইটা খাই মুখ ধুলে; এনেতে ভিতৰৰ পৰা মনোমতীও ওলাই আহি শান্তিৰামক সুধিলে—“আতৈ! আতৈ! কওকচোন৷ দেউতা আহিছেনে?” শান্তিৰাম —“আইদেউ! অধীৰ নহবচোন! সকলো কথা৷ কম৷” মনোমতী—“নহয় অতৈ! কওকচোন৷ আমাৰ দেউতা ক’ত?” শান্তিৰাম—“আইদেউ! অথিৰ নহব৷ মই গৈ মইনবৰিত মানক নেপালো৷ সিহঁত হেনো হাদিৰালৈ গ’ল৷ দেউতাকো তালৈকে লৈ গ’ল হবলা৷” মনোমতী— “আতৈ! মানহঁতে ইবিলাক বন্দীকো লৈ গৈছেনে?” শান্তিৰাম —“মানহঁতে হেনো বন্দীবিলাকক কাটি-মাৰি নাশ কৰি গৈছে৷” শান্তিৰামৰ এই কথা শুনি মনোমতী অচেতন হৈ পৰিল৷ তেওঁৰ বাপেক-মাক সৰুতে মৰাৰ নিমিত্তে তেওঁ চণ্ডী বৰুৱাকে নিজৰ পিতৃৰ দৰে দেখিছিল আৰু ভক্তি কৰিছিল৷ এতিয়া তেওঁৰ সেই আশ্ৰয়দাতাৰ অশুভ সম্বাদ শুনি তেওঁ শোকতে মূৰ্চ্ছিত হৈ পৰিল৷ পমীলাইও উচপি উচপি কান্দিবলৈ ধৰিলে৷ মনোমতীক মূচ্‌কচ্ গৈ পৰি যোৱা শুনি সিফালৰ পৰ৷ তিলোত্তমা ওলাই অহি মনোমতীক বিছিবলৈ ধৰিলে৷ তেওঁবিলাকৰ যত্নত মনোমতী সুস্থিৰ হৈ বিনালে—“আই ঔ মোৰ দেউতা ঔ৷ তই কলৈ গলি ঔ৷” মনোমতীৰ এই আৰাও আৰু বিননিত সকলোৱেই কান্দিলে৷ হলকান্ত বৰুৱাই এটাইতকৈ বেছি কৰি কান্দিলে৷ শোকে তেওঁৰ হৃদয়ক খুন্দিয়াবলৈ ধৰিলে৷ অনাথ