বিংশ অধ্যায়
মান ভঙনি
এইবাৰ দুৰ্ব্বল অসমীয়া জাতিৰ কৰুণ আৰাও ঈশ্বৰে যেন কাণ পাতিহে শুনিলে। নিচল অসমীয়া জাতিক উদ্ধাৰ কৰিবলৈ কৰুণাময় পৰমেশ্বৰে এইবাৰ তেওঁৰ অনুগৃহীত বৃটিশ সিংহৰ হৃদয়ত খুন্দিয়ালে। বহু দুখ যাতনাৰ শেষত পিশাচ মানৰ হাতৰ পৰা অসমীয়া জাতিৰ উদ্ধাৰৰ আয়োজন হ’ল।
ডেভিড্চন্ ছাহাবে মুঠেই পাঁচশ সৈন্য লৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ বিজনীৰে পৰা মানহঁতক বন্দুকৰ গুলিৰে জাকে জাকে বগৰাই খেদিবলৈ ধৰিলে। এইবাৰ মানে বুজিলে যে সিহঁততকৈও পৃথিবীত বিক্ৰমশালী জাতি আছে। ইংৰাজৰ লগত মানহঁতে মাজে মাজে অলপ অচৰপ লুকুৱা-লুকি কৰি হতাহতি যুঁজ কৰিলে; কিন্তু সুশিক্ষিত ইংৰাজ সৈন্যৰ আগত ঠাৱৰিব নোৱাৰি যেয়ে যিপিনেদি পালে ফৰিং ওফৰা দি উফৰি পলাবলৈ ধৰিলে। সিহঁতে চিৰিলি-বিৰিলি হৈ পলাওঁতেই সমুখতে যাক য'তে পালে তাকে ত’তে কাটি মাৰি উজাবলৈ ধৰিলে। সিহঁত যি যি পিনেদি গ’ল সেই সেই পিনেদি গাওঁভূই বিলাকত জুই লগাই লগাই গ’ল। কামৰূপীয়া মানুহেও এইবাৰ চেগ্ বুজি ঠায়ে ঠায়ে লগ লাগি মানক হোলোঙা-বাৰিৰে পহু টঙনিওৱা দি টঙনিয়াবলৈ ধৰিলে। এইদৰে গোটাইখন দেশত আকৌ মহা হুলস্থুল লাগি পৰিল।