পৃষ্ঠা:Manomati.pdf/২২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ক’লে—“আইদেউসকল! তোমালোক এতিয়া যোৱাঁ৷ ৰোগীৰ জৰ এৰিছে৷ তেওঁ কিছুমান পৰ পৰি থাকিব৷ তোমালোকে গৈ ৰোগীৰ পথ্যৰ ব্যৱস্থা কৰা৷” বেজৰ এই কথাত গাভৰু তিনিজনাই ৰোগীৰ ওচৰৰ পৰা উঠি গৈ মুখহাত ধুই ৰোগীৰ নিমিত্তে আখৈ ভাজিলে; মন্দ পগালে৷ এনেতে অনাথ চৌধাৰীও উঠিল৷ ৰঙা ৰদ উঠাত সিফালৰ মইনবৰিৰ পৰা শান্তিৰাম ভকতো আহি পালে৷ তেওঁ আহিয়েই পোনেই অনাথ চৌধাৰীকে গৈ লগ ধৰিলে৷ অনাথ চৌধাৰীয়ে সুধিলে- “আতৈ! চণ্ডী বৰুৱাক আানিলেনে?” শান্তিৰাম—-“বাপ! চণ্ডী বৰুৱাক নাপালোঁ৷” অনাথ চৌধাৰী—“কিয়? কাৰণ কি?” শান্তিৰাম—“বাপ্! মানহঁতে মইনবৰিতে হেনে৷ সকলো- বিলাক বন্দীকে কাটি-ছিঙি নাশ কৰি হাদিৰালৈ গৈছে৷ মোৰ বিশ্বাস সিহঁতে চণ্ডী বৰুৱাকো কাটিলে৷” শান্তিৰাম ভকতৰ মুখে এই কথা শুনি অনাথ চৌধাৰীয়ে চণ্ডী বৰুৱাৰ নিমিত্তে শোক কৰিবলৈ ধৰিলে; এনেতে সিখোটালিৰ পৰা হলকান্ত বৰুৱাও আহি শান্তিৰামৰ মুখে চণ্ডী বৰুৱাৰ মৃত্যুৰ বাতৰি পাই নিজকে সকলো অনৰ্থৰে মূল বিবেচনা কৰি চণ্ডী বৰুৱাৰ নিমিত্তে শোক কৰিলে৷ সিফালে পমীলা, মনোমতীতিলোত্তমা তিনিউ ৰোগীক অলপ পথ্য খুৱাই গা ধুই জলপান কৰিলে৷ শান্তিৰামেও অনাথ চৌধাৰীৰ আদেশ মতে গা ধুই গুৰুসেৱা কৰি অলপ জলপান খাবলৈ গোঁসাই-ঘৰলৈ গ’ল৷ এনেতে পমীলা ভিতৰৰ পৰা ওলাই আহি শান্তিৰাম ভকতৰ ওচৰ চাপি