উনবিংশ অধ্যায়
লক্ষ্মীকান্ত বৰুৱা
অনাথ চৌধাৰীয়ে এইদৰে লক্ষ্মীকান্তৰ প্ৰতিপাল আৰু শুশ্ৰূষাৰ ঠিক্ঠাক্ কৰি আাৰু হলকান্ত বৰুৱাক বঢ়াই-বুজাই খুৱাই সুকীয়াকৈএটা খোটালিত শুৱাই থৈ তেৱোঁ নিশা হ’লত নিশ্চিন্ত মনে শুলেগৈ৷ তেওঁৰ আদেশমতে পমীলা, মনোমতী, তিলোত্তমা, দুটা মানুহ আৰু কবিৰাজ জনাও লক্ষ্মীকান্তৰ ওচৰত বহি থাকিল৷ আৰু মাজে মাজে তেওঁৰ মুখত ঔষধ আৰু অলপ অলপ কোৱাঠৰ পানী দিলে৷ কবিৰাজৰ আদেশ মতে মানুহ দুটাই পাল-বদল কৰি তেওঁৰ হাতভৰি পিহিলে৷ প্ৰবল জ্বৰৰ প্ৰকোপত লক্ষ্মীকান্তই মাজে মাজে ভ্ৰম কোবালে! তেওঁ এবাৰ ক’লে—“মিঙ্গিমাহা পিশাচ! অধম৷!” এবাৰ ক’লে “হায়! মানৰ তিৰুতা হ’ল৷ ” ডেকা বৰুৱাৰ এইবিলাক প্ৰলাপত মনোমতীয়ে তললৈ মূৰ কৰি কেৱে নজনাকৈ চকুৰ পানী টুকিলে৷ এইদৰে ওৰে নিশা প্ৰকোপিত জৰত ভুগি ৰাতি পুৱাওঁ পুৱাওঁ হওঁতে লক্ষ্মীকান্তই অলপ সকাহ পলে৷ বেজৰ ঔষধৰ বলত তেওঁৰ গাটো পুৱঁতী নিশাৰ সময়ত জুৰ জুৰ কৰি ঘামিল৷ ডেকা বৰুৱা নিধাল খাই পৰিল৷ বেজে ৰোগীৰ অৱস্থা ভাল দেখি মনত সন্তোষ দেখুৱাই গাভৰু তিনি জনাক