এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তেওঁৰ কথাতে আইটীক লৈ আহিছোঁ। ঈশ্বৰৰ কৃপাত আপোনালোককে পালোঁ। এতিয়া সকলো ভাল হৈছে। আপুনি আপোনাৰ পত্নীলৈ শোক এৰক। তেওঁ বৰ ভাগ্যৱতী আছিল। সেই দেখিহে শাখে-সেন্দুৰে গ’ল। এতিয়া আপুনি মোৰ ঘৰতে থাকি তেওঁৰ শ্ৰাদ্ধাদি কৰক। মই সকলো যোগাৰ কৰি দিম।” দয়ালু, পৰোপকাৰী, অনাথ চৌধাৰীৰ এইবিলাক কথা শুনি হলকান্তই ক’লে— “মই আপোনাৰ ধাৰ ইহ জনমত সুজিব নোৱাৰিম।” এই দৰে কথা-বতৰা কৈ অনাথ চৌধাৰীয়ে হলকান্ত বৰুৱাক সেই খোটালিতে বহুৱাই থৈ ৰোগীৰ ওচৰলৈ আহিল। আৰু বেজে সৈতে আলচ কৰি লক্ষ্মীকান্তক শুশ্ৰূষা কৰিবৰ নিমিত্তে পমীলা মনোমতী দুইওকো পাচিলে।