পৃষ্ঠা:Manomati.pdf/২২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অষ্টাদশ অধ্যায়
মানৰ শেষ কাল

 হাদিৰাত কোঠ মাৰি অসভ্য মানহঁত তাতে এমাহ মান ৰ’ল আৰু সিহঁতে আজি কালি কৰি ওচৰৰ গাওঁভূই বিলাক লুটপাট কৰি, মামুহ দুমুহ মাৰি দেশ উপান্ত কৰিলে। সিহঁতৰ অত্যাচাৰত হাদিৰা চকিৰ পৰা ইফালে সাৰগাৱঁলৈকে মানুহ নোহোৱা হ'ল। সকলোবিলাক প্ৰজা ভাঙি কোম্পানীৰ ৰাজ্যৰ ভিতৰত সোমালগৈ।

 চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে হাদিৰাৰ পৰা নাৱেৰে খেৱা দি গোৱালপাৰা পালেগৈ। তাতে আকৌ চাৰি পাচ দিন থাকি ডেভিড্‌চন্ চাহাবক লগ ধৰি নিজৰ দুখৰ বৃত্তান্তবিলাক ক’লে। ডেভিড্‌চন্‌ চাহাবে সেইবাৰো ওপৰৰ পৰা একো আদেশ আহি নোপোৱা দেখি চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱক সহায় কৰিবলৈ আগবাঢ়িব নোৱাৰিলে। নিৰাশ মনেৰে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে নাৱেৰে ভটিয়াই চিলমাৰিলৈ গ’ল।

 হাদিৰাৰ চকিত আৰু দক্ষিণ পাৰতো মানৰ অত্যাচাৰ দিনক দিনে বাঢ়িবলৈ ধৰিলে। সিহঁতে আজি কালি কৰি কোম্পানীৰ ৰাজ্যৰ ভিতৰত উপদ্ৰব কৰিবলৈ ধবিলে। কোম্পানিৰ ৰাজ্যৰ মানুহবিলাকে পলাই গৈ গোৱালপাৰাত ডেভিড্‌চন্ চাহাবৰ