পৃষ্ঠা:Manomati.pdf/২২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২২০
মনোমতী

ভাল। যোৱা জনতো গলেই। কান্দিলেতো আৰু উলটি নাহে। শোক সামৰক।” হলকান্তই কান্দি কান্দি ক’লে— ‘চৌধাৰী দেৱ! মই পাহৰিব দেখোন নোৱাৰোঁ। হায় মই পাপীৰ কুকৰ্মতে মোৰ তিৰুতাই মোক অসময়তে এৰি গ’ল।” অনাথ চৌধাৰীয়ে ক’লে—“বৰুৱাদেৱ! ধৈৰ্য্য ধৰক। সুকৰ্ম্ম কুকৰ্ম্ম সকলো সেই নজনা জনায়ে কৰায়। আপুনি শোক এৰক পুতেকৰ অৰ্থে যত্ন কৰক।” অনাথ চৌধাৰীৰ সান্ত্বনা-বাক্যত হলকান্ত অলপ সুস্থিৰ হৈ ক’লে —“চৌধাৰী দেৱ! আপুনি মোৰ কোনোবা জনমৰ মিতিৰ আাছিল। মই নিজেই অস্থিৰ হলোঁ। লৰা-ছোৱালী হালকে আপোনাক সপিলোঁ।” অনাথ চৌধাৰীয়ে ক’লে—“আপুনি ব্যাকুল নহব। এই আইদেউ আৰু বোপা দেউৰ ভালৰ অৰ্থে মই সাধ্যমতে যত্ন কৰিম।” হলকান্ত—“বাৰু চৌধাৰী! এটা কথা সোধোঁ। আপুনিনো এই আইটিক কেনেকৈ পালে কওকচোন।” অনাথ চৌধাৰীয়ে ক’লে—“মই বৰপেটালৈ আজি আঠদিনমান হ’ল এটা সকামত গৈছিলোঁ। তাতে মই কৃষ্ণৰাম চৌধাৰীৰ ঘৰত থাকোঁ। তাতে দেখোঁ যে আপোনাৰ এই আইটীয়ে কান্দি-কাটি থাকে। ভাতপানী নাখায় মাক মৰাৰ শোকতে। মোক চৌধাৰীণীয়ে ক’লে—এই আইটি! বৰপেটাত থাকিব নোখোজে। পাৰিলে বাপেক ককায়েকক বিচাৰি যাব খোজে। বপা! এই ছোৱালীজনীক মই ৰাখিব নোৱাৰোঁ। যি ঠাইখিনিত মাক মৰিছিল তালৈ চাই চাই কান্দে। সেই দেখি, বপা! এই ছোৱালীজনী তুমি লৈ যোৱা।” মইও