ককাইদেউৱে সৈন্য আনােগৈ বুলি গাৱঁলৈ গ'ল। সৈন্য কোচাওঁতে মিলাওঁতে তেওঁৰ ৰাতি হােৱাত তেওঁ ঘৰলৈ উলটি আহিব নােৱাৰিলে। ইফালে গধূলি আমি খাই বই উঠাৰ পিছত খবৰ পালোঁ যে অলেখ অসংখ্য মান আহিছে। গাৱঁৰ এটাই বিলাক মানুহেই ঘৰ দুৱাৰ এৰি বৰপেটাৰ ফালে পলাবলৈ ধৰিলে। আইয়েও শেহত একো উপায় নেদেখি মােক হাতত ধৰি বৰপেটাৰ ফাললৈকে আহিল। বৰপেটা পাই আমি কৃষ্ণৰাম কলিতাৰ ঘৰত ৰলোঁ। তাতে আপােনালৈ আৰু ককাইদেউলৈ শােক কৰি কান্দি-কাটি থাকোঁতেই বৰপেটা পাবৰ পিছদিনাই আইৰ জ্বৰ উঠে। সেই জ্বৰত আইয়ে পাঁচ দিন কষ্ট খাই আই বৈকুণ্ঠী হ’ল।” এই বুলিয়েই তিলােত্তমাই কান্দিবলৈ ধৰিলে। জীয়েকৰ মুখে এই কথা শুনি হলকান্ত বৰুৱা শােকতে মূৰ্চ্ছিত হৈ পৰিল। জীয়েকে হাইঔ-বিয়ৌ কৰি কাপােৰৰ আঁচলেৰে বিচিবলৈ ধৰিলে। ভালেখিনি পৰৰ মুৰত তেওঁ সৰ্থিল। সৰ্থি উঠিই কান্দি কান্দি খেদ কৰিলে— “হায় বিধতা! মই পাপীক আগেয়ে মাৰি নিনিলা কেলেই? হায় বিধতা! মােৰ পাপতে মােৰ তিৰুতাই মােক এৰি গ’ল।” এই বুলিই হলকান্তই আকৌ কান্দিবলৈ ধৰিলে। তেওঁৰ আৰু তিলােত্তমাৰ কান্দন শুনি অনাথ চৌধাৰীয়ে আহি সেই খােটান্সি সােমাই হলকান্ত বৰুৱাক সাবােট মাৰি ধৰি কবলৈ ধৰিলে— “বৰুৱাদেৱ! আপুনি জনা বুজা মানুহ। পুতেকৰ প্ৰকোপিত জ্বৰ। এই সময়ত আপুনি জীয়েকে সৈতে কন্দা কটা জানাে
পৃষ্ঠা:Manomati.pdf/২২৩
অৱয়ব