আনিলে। এবাটি নিজে খালে এবাটি টেঙ্গুলাক দিলে। দুইও মদ খাই উঠি দুটা চেলুৱই হুপিবলৈ ধৰিলে।
এইদৰে টেঙ্গুলা আৰু পৰীয়াটোৱে ইফালে পৰীয়া ঘৰটোত দেখাদেখি হওঁতেই পমীলা আৰু মনোমতীৰ ঘৰৰ ভিতৰত এটা বৰ বিচিত্ৰ কাণ্ড হৈছিল। তেওঁবিলাক দুইও সাৰে আছিল; এনেতে মাটিৰ তলেদি এটা সিন্ধিৰে মানুহ এটা ঘৰৰ ভিতৰত সোমাল আৰু হাতত সাৰে ভৰিত সাৰে খেপিয়াই পমীলাক লগ পাই কলে—“আই সকল! সিন্ধিৰে আহক।” পমীলাই পদুমীয়ে জনাই থোৱা মতে মনে মনে ক’লে—“ককাই! আগেয়ে সখীক নিয়া। সখী ওলাই গলেহে মই যাম৷” এই বুলি মনোমতীক কাণৰ কাষত অলপ ফুচ্ ফুচ্ কৰি ক’লে। মনোমতীয়ে তেতিয়া থৰক বৰক কৰি উঠি গৈ গাতত সোমাল। সেই মানুহটোৱে তেওঁক দুখ নোপোৱাকৈ যত্ন কৰি উলিয়াই নিয়েই বাহিৰত পথালিকোলা কৰি লৈ গ’ল। তেওঁ ওলাই যোৱাৰ পিছতে পমীলাও সিন্ধিত সোমাবলৈ মন কৰিছিল মাথোন এনেতে টেঙ্গুলা আৰু পৰীয়াটোৱে দুইও দুডাল শলালৈ ঘৰৰ ভিতৰত সোমাল। পৰীয়াটো অলপ বাহিৰতে ৰ’ল; টেঙ্গুলা গৈ সোমাল। পমীলাই পলাবলৈ সময় নাপালে। চতুৰীয়ে বিপদৰ ওপৰতো বিপদত পৰি ধৈৰ্য্য নেৰিলে। সিন্ধিৰ মুখটো আগুৰি বহি ৰ’ল। টেঙ্গুলাই ঘৰৰ ভিতৰত সোমায়েই হোঁ হোঁ কৰি হাঁহি কলে—“গাভৰু। মই আহিছোঁ। মোক চিনিছনে? পমীলা—“অ মোৰ কেঁচা