পৃষ্ঠা:Manomati.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৪
মনোমতী

দিনা উলিওৱা ভাল নহয়” এই বুলি কৈ টেঙ্গুলাক প্ৰবোধ দি থলে। টেঙ্গুলাইও আৰু দুনাই সেই কথা নুলিয়াই মনে মনে ৰ’ল। ৰন্ধাবঢ়া হওঁতে হওঁতে ৰাতি দেড়পৰ হ’ল। প্ৰায় গোটেইবিলাক মানেই সৰহ সৰহ কৰি মদ খাই অচেতন হৈ পৰিল। কেতখিনিয়ে ৰন্ধাবঢ়া খালে; কেতথিনিয়ে একোকে খাব নোৱাবিলে। লগৰ ভালে থকা মানহঁতে সিহঁতক কটিয়াই কটিয়াই অলপ খুৱাই টানি টানি নি ঘৰৰ ভিতৰত পেলাই থলে। এইদৰে খাওঁতে-বওঁতে ৰাতি দুপৰ হ’ল। মানৰ বাহৰত প্ৰায় সকলোবিলাক মানেই নিজম দি পৰিল।

 এই দৰে যেতিয়া প্ৰায় ৰাতি দুপৰ হ’ল তেতিয়া টেঙ্গুলাই খাই বই উঠি সকলোবিলাক মান নিজম্‌ দি পৰাত নিজৰ ঘৰৰ ভিতৰৰ পৰা ওলাই মনোমতী আৰু পমীলাৰ পৰীয়া মানটোৰ ঘৰটোলৈ আহিল আৰু তাক লগ ধৰি ক’লে—“ভাই! আজি আমি দুইও আমাৰ কাম কৰোঁ দে।” পৰীয়াটোৱে কলে— “কোনো কথা নাই।” টেঙ্গুলা—“বাৰু ভাই এটা কথা। জানোবা সেনাপতিয়ে কিবা গম পায়।” পৰীয়াটোৱে ক’লে “একো গম নাপায়। মই নকওঁ। বিশেষ এই দুজনী তিৰুতাত সেনাপতিয়ে যাতে চকু নিদিয়ে এই বিষয়ে তাৰ সেই তিৰীজনী সদায় চেষ্টাত আছে। আমি যদি ইহঁতক আমাৰ কৰিব পাৰোঁ আৰু সিহঁতক বশ কৰিব পাৰোঁ তেন্তে পিছত আমি উপায় পাম। ভাই! আৰু অলপ মদ খাবিনে?” টেন্দুলা—“পালে খাওঁ; কিন্তু সৰহকৈ নাখাওঁ।” তেতিয়া পৰীয়াটোৱে মদ দুবাটি