পৃষ্ঠা:Manomati.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোণটো দেখোন। তইনো আজি এই কেই দিনে ক’ত আছিলি?” টেঙ্গুলা—“মোক তোৰ সেনাপতিয়ে দক্ষিণ পাৰলৈ পঠাইছিল। সেই দেখিহে আহিব পৰা নাছিলোঁ অ।” পমীল—“এৰা ভালেতো হে।” টেঙ্গুলা—“গাভৰু! তই মোৰ হবিনে বন্দুলাৰ হবি কচোন।” পমীলা—“নিয়মতে হ’লে মই বন্দুলাৰ হে হব লাগে। কিন্তু মই হ’লে তোক ভাল পাওঁ। কিন্তু এটা কথা। মোক বোলে তোৰ সেনাপতিকো লাগে।” টেঙ্গুলা—“তই সেনাপতিৰ হ’লে তাৰ সিজনীৰ বান্দী হব লাগিব। পাৰিবি জানো?” পমীলা—“নোৱাৰোঁ। টেঙ্গুলা— “তেন্তে মোৰ হ।” পমীলা—“তোৰ হ’মতো। কিন্তু জানোবা তই মোক নিলে সেনাপতিয়ে তোক কাটি পেলায় আৰু মই পিছত বিধবা হওঁ।” টেঙ্গুলা—“সি জানো মোক কাটিব পাৰে তাৰ সাহ কিটো?” পমীলা—“জানো মই কব নোৱাৰোঁ; কিন্তু মোৰ তোত বিয়া সোমোৱাত কোনো আপত্তি নাই; কেৱল মাত্ৰ ভয় হয় জানোবা তই যুঁজত মৰ বা সেনাপতিৰ হাতত মৰ।” পমীলাই এই কথা আষাৰ অলপ ডাঙৰকৈ ক’লে; এনেতে সিফালৰ পৰা ছয় সাতোটামান মানুহে খেদি আাহি পোনেই পৰীয়াটোৰ গালৈ এপাত শেল মাৰিলে। তাৰ গাত সেই শেল ভাগ্যে নপৰিল। সি লৰি মানৰ বাহৰৰ ফাললৈ পলাল। টেঙ্গুলাইও ওলাই লৰ মাৰিব ধৰিছিল মাথোন এনেতে এটা মানুহে তাৰ বুকুত এপাত মেলাহি মাৰি বগৰালে। দুহটা মানুহে পমীলাৰ ঘৰৰ ভিতৰত সোমাই পমীলাক ওপৰতে ধৰি