পৃষ্ঠা:Manomati.pdf/১৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৮২
মনোমতী

এই কথাত মিঙ্গিমাহাই হলকান্তক বুজাই ক’লে—“তোৰ পুতেৰক ইহঁতে এৰি দিব নিদিয়ে। মই এৰি দিব নোৱাৰোঁ।” হলকান্ত—“সেনাপতি! মই তোমাৰ মিতিৰ হৈছিলোঁ। তোমাৰ মিতিৰৰ মুখলৈকো নোচোৱানে? মিঙ্গিমাহা— “গৰু! তই কেতিয়া তোৰ জীয়েৰক দি মানে সৈতে মিতিৰ কৰিছিলি? তই নেজাননে বাঘৰে আৰু ছাগৰে কি মিতিৰ হব পাৰে? তই যে আমাৰ শক্ৰ নহৱ ইয়াৰেই বা প্ৰমান কি?” হলকান্ত— “ইমানবিলাক কৰিও প্ৰমাণ দিব নোৱাৰিলোঁনে? টেঙ্গুলা আৰু লাইপুঙে ক’লে—“সেনাপতি! তুমি ইয়াৰ লগত কি চুপতি কৰা! ইয়াকো আন আন বন্দীবিলাকৰ লগতে শেষ কৰা যাওক। ইও মানৰ প্ৰধান শত্ৰু।” এই বুলিয়েই সিহঁতে চাইটা মানক মাত দিলে। মানহঁত আহিল। টেঙ্গুলা আাক লাইপুঙে কলে—“ইয়াক বান্ধি লৈ বন্দীঘৰত থগৈ।” তেতিয়াই মানহঁতে হলকান্তক বান্ধি-ছাতি লৈ গ’ল। হলকান্তই বাটে বাটে চিয়ঁৰিবলৈ ধৰিলে—“হায় মিঙ্গিমাহা তই মোক ইয়াকে কৰিলি। তোৰ মিতিৰ হোৱাৰ মোক ভাল বেছ দিলি। আকাশত চন্দ্ৰ সূৰ্য্য থাকে মানে তোৰ কলঙ্ক ৰ’ল। মই মহাপাতকীৰ মূৰত ইন্দ্ৰৰ চৰগ পৰক। মোক কাটি পেলা। স্বদেশদ্ৰোহীৰ যে শেহত এই অৱস্থা হয় আগলৈকে যেন অসমীয়া মানুহে শিকে।” মানহঁতে তেওঁক টানি নি সোধ্‌ পোচ্‌ নকৰাকৈ চণ্ডী বৰুৱা থকা ঘৰটোত চণ্ডী বৰুৱাৰ লগতে বন্দী কৰি থলে।