সি অকলৈ মোৰ ছয় সাতোটা মান মাৰিছে। সি সকলোতকৈ দোষী। মই তাক এৰি দিলে মানহঁতে বেয়া পাব।” হলকান্ত—“সখি! মোৰ মুখলৈ চাই তাক এৰি দিয়া। সি অৱশ্যে বৰ দোষ কৰিছে। কিন্তু ভাবি চোৱা মই তোমালোকক কিমান সহায় কৰিছোঁ। মোৰ মুখলৈ চাই এৰি দিয়া৷” মিঙ্গিমাহা—“মই এৰি দিব নোৱাৰোঁ। তইনো আমাক কি সহায় কৰিছ? হলকান্ত—“কিয় সখি! মই তোমালোকক যুঁজ জিকাই, বাট-পথ দেখুৱাই ফুৰা নাইনে?” মিঙ্গিমাহা— “তই নোহোৱা হলে আমি যুঁজ জিকি ফুৰিব নোৱাৰিলোঁহেতেন নে? বাৰু ৰবি, মই টেঙ্গুলা আৰু লাইপুঙক মতাই আনো। সিহঁতে এৰি দিলে মোত কোনো কথা নাই। এই বুলি মিঙ্গিমাহাই টেঙ্গুলা আৰু লাইপুঙক মতাই আনিলে। সিহঁত আহি তাৰ কাষত বহিল। মিঙ্গিমাহাই কলে—“ভাইহঁত। ই (হলকান্তলৈ আঙুলিয়াই) মোক এটা বন্দী এৰি দিবলৈ খাটিছে!” টেঙ্গুলাই সুধিলে—“কোনটো বন্দীক?” মিঙ্গিমাহা— “তই যিটোক গাভৰুজনীয়ে সৈতে ধৰিছিলি।” টেঙ্গুলা— “সেনাপতি! মই সেই বন্দীটোক এৰি দিবলৈ কব নোৱাৰোঁ। সি মোৰ ছয়টা মান মাৰিছে। তাক জীয়াই জীয়াই পুৰি মাৰিম বুলি থৈছোঁ। মই হ’লে তাক কেতিয়াও এৰি নিদিওঁ।” লাইপুঙে ক’লে—“এৰা সেনাপতি! সি আমাৰ প্ৰধান শত্ৰু। আমাৰ শক্ৰক কেতিয়াও এৰিব নেলাগে। তাক জীয়াই জীয়াই পুৰিলেহে যদি আমাৰ খং জিমায়।” সিহঁত দুইৰো ,
পৃষ্ঠা:Manomati.pdf/১৮৫
অৱয়ব