পৃষ্ঠা:Manomati.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বাদশ অধ্যায়
ঘটনা চক্ৰ

 এইবিলাক ঘটনা হৈ যোৱাৰ পিছ দিনা অৰ্থাৎ মানহঁত মইনবৰিত থাকিবৰ তেৰ দিনৰ দিনা মানৰ বাহৰত আকৌ মহা আনন্দ উৎসৱ মিলিল। লগৰ এটাই কেউজাক মান আহি পোৱা দেখি মিঙ্গিমাহাই সেই দিনা বৰভোজ এটা পাতিবলৈ আয়োজন কৰিলে। সেনাপতিৰ আদেশ পাই মানহঁতেও বৰভোজৰ কাৰবাৰ কৰিলে। মানহঁতে মাইনবৰি গাৱঁৰ যত উদঙীয়া গৰু পালে মানে ধৰি ধৰি বধিলে। তাৰ পাছত জকা পাতি পাতি যেয়ে যেনেকৈ পালে মঙ্গহবিলাক সিজালে পুৰিলে। এইদৰে ৰন্ধাবঢ়াৰ আয়োজন কৰিবলৈ ধৰিলে। ৰন্ধাবঢ়া হয় মানে ডেকা ডেকা মানবিলাকে বাঁহী বজাই বজাই, বাজনা বজাই বজাই নাচিলে। সেনাপতি, লাইপুঙ ইত্যাদিয়ে ডেকাহঁতৰ ৰঙ্-ধেমালি চালে আৰু পাৰে মানে মদ খালে। সেনাপতি, বৰফুকন ইত্যাদি সকলোৱে বহি মদ খাওঁতে খাওঁতেই থিৰ কৰিলে যে সিহঁতে তাৰ দুদিনৰ পিছতে হাদিৰাৰ ৰণলৈ যাব। টেঙ্গুলাই মাজতে এবাৰ পমীলাক কোনে পাব এইটো কথা উলিয়ালে। সেনাপতিয়ে “সেই বিষয় আজি বৰভোজৰ