পৃষ্ঠা:Manomati.pdf/১৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৮০
মনোমতী

তেওঁক যি কৈছিল, তেওঁৰ বুদ্ধিমতী সহধৰ্ম্মিণীয়ে যি উপদেশ দিছিল সৈইবিলাক কথা তেওঁৰ মনত পৰিবলৈ ধৰিলে। তেওঁ থৰকি থৰকি কান্দি শেহত মনস্থিৰ কৰি লক্ষ্মীকান্তক কলে— “বাছা! তই বাৰু থাক। তোক মুকলি কৰাবলৈ মই উপায় কৰিবলৈ যাওঁ” এই বুলি হলকান্ত ওলাই আহিল আৰু নিধাতু খাই মিঙ্গিমাহাৰ ঘৰৰ ফাললৈ বাট ললে।

 ইফালে সেই নিশা মিঙ্গিমাহাই খাই-বই উঠি তাৰ ঘৰৰ ভিতৰত বহি চেলুৱই হুপিছিল। অলপ অলপকৈ নিশা হবলৈ ধৰিলে; এনেতে সিফালৰ পৰা হলকান্ত বৰুৱা আহি নোসোধা নোপোছাকৈয়ে মিঙ্গিমাহাৰ ঘৰৰ ভিতবত সোমাল। তেওঁ সেইদৰে সোধ পোছ নকৰাকৈয়ে ঘৰত সোমোৱা দেখি মিঙ্গিমাহাই খং উঠি ডাবি মাৰি সুধিলে—“তই কেলেই সোধ্‌ পোচ্‌ নকৰা কৰি মোৰ ঘৰত সোমালি?” হলকান্ত—“সখি! মোৰ দোষ ক্ষমা কৰিবা। মই জীউৰ আাত্ৰানিতহে তোমাৰ ইয়ালৈ আহিলোঁ। মোক এটি ভিক্ষা দিয়া। ” মিঙ্গিমাহা “কি লাগে ক’।” হলকান্ত—“তুমি দিম বুলি কোৱা।” মিঙ্গিমাহা—“মই কথাটো নুশুনিলে দিওঁ বুলি কব নোৱাৰোঁ।” হলকান্ত—“সখি! মোৰ মুখলৈ চাই মই যি ঘৰত আছোঁ সেই ঘৰৰ বন্দীটো এৰি দিয়া।” মিঙ্গিমাহা—“সেই বন্দীটোনো তোৰ কি হয়?” হলকান্ত—“সেইটো মোৰ লৰা।” মিঙ্গিমাহা— “অ! মোৰ টেঙ্গুলাই ধৰা সেই ডেকা বন্দীটো?” হলকান্ত— “হব পাৰে।” মিঙ্গিমাহা- তাক এৰি দিব নোৱাৰোঁ।