পৃষ্ঠা:Manomati.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৯
হলকান্ত বৰুৱা

লক্ষ্মীকান্তও বৰ আচৰিত হ’ল। তাৰ পিছত তেওঁ অলপ তম্ভি পুতেকক গৈ পোনেই আঁকোৱালি ধৰি লুধিলে—“বাছা। তই ইয়াত কেনেকৈ সোমালিহি?” লক্ষ্মীকান্তই কলে—“দেউতা! মই আপুনি যোৱাৰ তিনি দিনৰ দিনা ভাটি বেলীয়া আমাৰ সৈন্য সামন্ত গোটাবলৈ গাৱঁলৈ গৈছিলোঁ আৰু পাৰিলে সৰহকৈ কেতখিনি সৈন্য গোটাবৰ অভিপ্ৰায়েৰে বৰনগৰলৈ আহিলোঁ। তাত সৈত্য গোটাবলৈ কাৰবাৰ কৰোঁতে নিশা হ’ল। ঘৰলৈ উলটি আহিব নোৱাৰিলোঁ। তাৰ পিছত সেই নিশাই মানহঁত আহি বৰ-নগৰ পাই চণ্ডী বৰুৱাৰ গড় আক্ৰমণ কৰি সকলোকে ধৰি আনিছে।” হলকান্ত—(নিধাতু খাই) “বাছা! মাৰ ভনীয়েৰ ক’ত? ” লক্ষ্মীকান্ত—“কব নোৱাৰোঁ।”

 লক্ষ্মীকান্তৰ এই কথা শুনি হলকান্ত মূৰ্চ্ছিত হৈ পৰিল। তেওঁ কেতিয়াও নেভাবিছিল যে বৰনগৰীয়া বৰুৱাৰ অনিষ্ট কৰিবলৈ যাওঁতে তেওঁৰ নিজৰো এনেকুৱা বিলাই হব। তেওঁ নেজানিছিল যে বৰনগৰীয়া বৰুৱালৈ চচা হুলতে তেৱোঁ ফুটি মৰিব। লক্ষ্মীকান্তে বাপেকক মূৰ্চ্ছিত হৈ পৰা দেখি একেচাবে উঠি আহি ধৰিলে। আজি বাৰ তেৰ দিন তেওঁৰ অনাহাৰ। গা থৰক বৰক। তথাপি বাপেকক আহি ধৰি তালুত ফুৱাবলৈ ধৰিলে আৰু “দেউতা” “দেউতা” বুলি কাণৰ কাষত মাতিবলৈ ধৰিলে। ভালেমান পৰ এইদৰে অচেতন থাকি শেহত হলকান্ত থিৰ হ’ল। তেওঁৰ দুইও চকুৰে গিৰ্ গিৰ্ কৰি লো ববলৈ ধৰিলে। তেওঁৰ ভালেমান কথা মনত পৰিবলৈ ধৰিলে। জটীয়া বাবাজীয়ে