হলকান্ত বৰুৱা
দক্ষিণ পাৰৰ পৰা উলটি আহি সেই নিশা টেঙ্গুলাই পমীলা মনোমতীৰ পৰীয়া মানটোক লগ ধৰি দুইও কিবাবিকি আলচ কৰি সেই নিশালৈ টেঙ্গুলা শুই থাকিল। সেই নিশাও সিহঁত দুইও সিহঁতৰ অসদ্ অভিপ্ৰায় সিদ্ধ কৰিবলৈ নোৱাৰিলে।
ইফালে হলকান্ত বৰুৱাই নৈৰ পাৰত ফলমূল খাই বন্দীঘৰ কেইটাৰ ফালে আহিল। তেওঁ পোনেই চণ্ডীবৰুৱা থকা ঘৰটোলৈ আাহিল। তাত আহি তেওঁ দেখিলে চণ্ডী বৰুৱা আছে। সেই ঘৰত নোসোমাই তেওঁ শান্তিৰাম ভকত থকা ঘৰটোলৈ আহিল। তাত দেখিলে ঘৰটো উদঙ। হলকান্ত বৰুৱাই পেটে পেটে সেইটো ঘৰতে থাকিবলৈ আলচ কৰিলে। কিন্তু ঘৰটোৰ ভিতবত সোমোৱাৰ আগেয়ে আৰু সিটো অৰ্থাৎ তৃতীয় ঘৰটোত নো কি আছে এইটো তেওঁৰ চাবলৈ ইচ্ছা হ’ল। তেওঁ পৰীয়া মানটোক লগত লৈ সেইটো ঘৰলৈ আহিল। তাত আহি ভুমুকি মাৰি চাই দেখিলে যে ঘৰটোৰ ভিতৰত এজন বন্দী আছে। সেই বন্দীটোনো কোন তেওঁৰ জানিবৰ ইচ্ছা হ’ল। তেওঁ লগৰ মানটোক কলে—“তই ইয়াতে ৰবি। মই ঘৰটো কেনে চাই লওঁ” এই বুলি তেওঁ ঘৰটোৰ ভিতৰত সোমাল। তাত সোমাই দেখে যে তেওঁৰ পুতেক লক্ষ্মীকান্ত। তেওঁ বৰ আচৰিত হ’ল।