পৃষ্ঠা:Manomati.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৭
মানৰ উদ্যোগ

নাচ-বাগ শেহ হ’ল। নতুনকৈ অহা মান দুজাক আগৰ মানহঁতৰ লগত ঘৰে ঘৰে সোমাল। নতুনকৈ ধৰি অনা বন্দীবিলাকক গাৱঁৰ ভিতৰতে এটা উদঙীয়া ঘৰত একেলগে সুমাই বন্দী কৰি থলে।

 এইবিলাক ঘটনা হৈ যোৱাৰ পিছত হলকান্ত বৰুৱা আহি মিঙ্গিমাহাৰ আগত ওলাল। মিঙ্গিমাহাই তেওঁক দেখি কলে— “সখি! ভালে আছা?” হলকান্তই কলে—“আছোঁ সখি। এতিয়া মই থাকো ক’ত? মোকনো থাকিবলৈ দিয়া ক’ত?”

 মিঙ্গিমাহা—“তুমি জাত যোৱাৰ ভয়ত আমাৰ লগত নাথাকাই। গাৱঁৰ ভিতৰতো উদঙীয়া ঘৰ নাই। তুমি সেই নৈৰ পাৰৰ তিনিটা ঘৰৰ এটাত থাকাগৈ। যিটোতে তোমাৰ ইচ্ছা হয়। এই বুলি মিঙ্গিমাহাই তেওঁৰ লগত এটা মান দিলে। তেওঁ সেই মানটো লৈ পোনেই নৈলৈ গ’ল। তাত গাটো তিয়াই লগতকৈ অনা অলপ ফলমূল খালে। তাৰ পাছত বন্দীঘৰ কেইটাৰ ওচৰলৈ আহিল।

১২