সদাই পৰীয়া মানটোৰ সহায় লৈ নিশা নিশা পমীলা আৰু মনোমতীক ফলমূল দি থাকিল।
এই সাত দিনৰ ভিতৰতে হাদিৰাৰ মানজাক চন্দ্ৰকান্ত ৰজাৰ সকলোবিলাক বল জানি উলটিল। আঠ দিনৰ দিনা সিফালৰ পৰা টেঙ্গুলাই দক্ষিণ পাৰৰ মানজাক লৈ আহি পালে। মিঙ্গিমাহাই সি নিৰাপদে উলটি অহাত পৰম সুখী হৈ মানৰ বাহৰবিলাকত আনন্দ কৰিবলৈ দিলে। তেতিয়া সকলোবিলাক মানেই মিঙ্গিমাহাৰ হাউলিলৈ আহি শাৰী পাতি পাতি বহি নাচিবাগি মদ খাবলৈ ধৰিলে। এইদৰে নাচি-বাগি থাকোঁতে প্ৰায় গধূলি হ’ল। এনেতে উত্তৰ ফালৰ পৰাও হলকান্তৰ মানজাক আহিবলৈ ধৰিলে। সিহঁতকো সেই দিনাই আহি পোৱা দেখি মিঙ্গিমাহাৰ আৰু আনন্দ হ’ল। সি তাৰ মানবিলাকৰ হতুৱাই সৰু সৰু নাৱেৰে নতুনকৈ অহা মানজাকক পাৰ কৰাই আানিলে। সিজাক মানৰ সকলোবিলাকে যেতিয়া চাউলখোৱা পাৰ হৈ আহিল তেতিয়া মইনবৰিত মানৰ বাহৰত মহা আনন্দ মিলিল। মিঙ্গিমাহাই আনন্দৰ উলাহতে নিজে বীণ এখন বজাবলৈ ধৰিলে। তাৰ কেতবিলাক মানে দেই বীণৰ বাজনাত কচাৰিৰ দৰে কুজা পৰি পৰি নাচিবলৈ ধৰিলে। গোটেইবিলাক মানেই হাড়িয়ে হাড়িয়ে যাৰ য’ত যি মদ আছিল আনিলে। এটাইবিলাকেই সেই মদ খাই খাই হাতত ধৰাধৰি গবাগবি কৰি নাচিলে। মদ-ঢালা, চেলুৱই হোপা, বীণবজোৱা, নচা-বগা ইত্যাদি উৎসৱত মানৰ বাহৰ খলকি পৰিল। কিছুমান বেলিৰ পিছত