পৃষ্ঠা:Manomati.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দশম অধ্যায়
মানৰ উদ্যোগ

 এইবিলাক ঘটনা হৈ যাবৰ পিছদিনা অৰ্থাৎ মানহঁতে মইনবৰি পাবৰ চতুৰ্থ দিনা মিঙ্গিমাহা সেনাপতিয়ে হাদিৰাৰ যুদ্ধৰ নিমিত্তে সকলোবিলাক মানক লগ কৰিবলৈ চাৰিউফালে কটকী পঠালে। প্ৰায় দুশ মান লগত দি টেঙ্গুলাক ব্ৰহ্মপুত্ৰ পাৰহৈ দক্ষিণপাৰৰ পূব চমৰিয়াৰ পৰা শ্যাম আৰু বগলী ফুকনে সৈতে মানজাক আনিবলৈ পঠালে। প্ৰায় এশ মানে সৈতে জৈন বৰফুকনক হাদিৰাৰ ফালে চন্দ্ৰকান্ত ৰজাৰ বল বুজিবলৈ পঠালে। এজন বৰফুকনে সৈতে পঞ্চাশজন মানক হলকান্ত বৰুৱাক আনিবলৈ পঠালে। এইদৰে মিঙ্গিমাহাই চাৰিউফালৰ পৰা মান ছপাবলৈ উদ্যোগ কৰিলে। আৰু সিবিলাক মান উলটি নহালৈকে তেওঁ মইনববিতে ৰ'ল।

 এইদৰে আৰু সাতদিন মানহঁত মইনবৰিত থাকিল। টেঙ্গুলা গুচি যোৱাত পৰীয়া মানটোৱে অকলে মনোমতী আৰু পমীলাৰ ওপৰত অত্যাচাৰ কৰিবলৈ সাহ নকৰিলে। চতুৰী পদুমীয়েও মিঙ্গিমাহাক এনেকৈ ভুলাই বাখিলে যে তেওঁ পমীলা আৰু মনোমতীৰ ওপৰত দৌৰাত্ম্য কৰিবলৈ সময় নেপালে। এইদৰে ঈশ্বৰৰ ইচ্ছামতে তেওঁবিলাক ৰক্ষা পৰি থাকিল। পদুমীয়ে প্ৰায়