নেপাই তোমাক লাহৰি,
শোকৰ অগনি সামৰি,
পেটতে ভাবিলোঁ মনকে কৰিম থিৰ।
কেলেই তোমাক দেখিলোঁ,
শোকৰ জুইতে পৰিলোঁ,
নেকান্দি থাকোঁতেও চকুৰে বৈ গ’ল নীৰ॥
তুমিহে আকাশে জোনাই,
আছিলা মেঘতে লুকাই,
নেদেখি থাকোঁতে পাহৰিলোঁ সৰ্ব্ব দুখ।
কেলেই আকৌ জোনাই,
সুনীল আকাশে ওলাই,
জ্বালিলা লাহৰি! অন্তৰেতে মোৰ শোক॥”
মিঙ্গিমাহাই একান্ত মনেৰে নামটো শুনিলে। একে থৰে পদুনীলৈ কিছুমান পৰ চাই ৰ’ল। তাৰ পাছত কলে—“বুকৰ জীউ! তোৰ মাতটো বৰ মিঠা অ। তই যেন অমৃতহে বৰষ।” পহমীয়ে কলে—“মিঙ্গিমাহা! মোক এটা বস্তু দে।” মিঙ্গিমাহা —“কি বস্তু বুকৰ জীউ।” পদুমী—“বাৰু তই দিম বুলি ক।” মিঙ্গিমাহা—“বস্তুটো কি কচোন মইনা?” পদুমী—“বাৰু দিওঁ বোল।” মিঙ্গিমাহা—“বাৰু সত্যে সত্যে দিম।” পদুমীয়ে ক’লে—সোণ! তোৰ বন্দীবিলাকৰ ভিতৰত মোৰ এটা মানুহ আছে। সেই মানুহটোক এৰি দে।” মিঙ্গিমাহা—“সেই মানুহটো নো কোন? সিনো তোৰ কি হয়।” পদুমী—“সেই