মানুহটো এটা ভকত। সি মোৰ ভাইলগা হয়।” মিঙ্গিমাহা— তোৰ যদি ভাইলগা হয়, তেন্তে মই তাক এটা বৰফুকন কৰিম। সি মোৰ এটা দোৱনীয়া হৈ থাকক।” পদুমী—“নহয় সোণ! সি যুঁজবাজ কৰিব নাজানে। বিশেষ সি তহঁতৰ লগত থাকিলে মোৰ লাজ লাগে অ।” মিঙ্গিমাহা—“বুকৰ জীউ! তই বৰ বেয়া বস্তু এটা খুজিলি। বন্দী এৰি দিলে মোৰ লগৰ মানবিলাকে ভাল নাপায়; তেও তই যে ধৰিলি বাৰু তাক এৰি দিলে। এই আঙঠিটো লৈ যা। মনে মনে পৰীয়াটোক দেখুৱাই কবি। সি তাক এৰি দিব।” এই বুলি আঙঠিটো দিলে। পদুমীয়ে তেতিয়া তাক আকৌ মদ খুৱাই অচেতন কৰি পেলাই থৈ মনে মনে ৰাতি দুভাগ হোৱাত শান্তিৰাম ভকতৰ বহাৰ ফালে আহিল, আৰু পৰীয়া মানটোক আঙঠিটো দেখুৱাই ঘৰৰ ভিতৰত সোমাল আৰু শান্তিৰামক কাণৰ কাষত কেতখিনি কথা কৈ উলিয়াই আনি এৰি দিলে। শান্তিৰাম ভকতে যাবৰ পৰত “যাওঁ পদুমী! বিদায় দিয়া” এই বুলি কলে। পদুমীয়ে এটা সেৱা কৰিলে। তাৰ পাছত শান্তিৰাম ভকত গৈ এডৰা হাবিত সোমাল। পদুমী মিঙ্গিমাহাৰ ঘৰলৈ উলটিল।
পৃষ্ঠা:Manomati.pdf/১৭৩
অৱয়ব