সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম অধ্যায়
মানৰ উপদ্ৰৱ

 বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰিবৰ পিছ দিনা মিঙ্গিমাহাৰ আদেশ মতে হলকান্ত বৰুৱাই ইজাক মান লৈ বৰনগৰৰ আমবাৰী, চক্‌চকা ইত্যাদি ঠাইলৈ গ’ল। সেই ঠাইবিলাকত লুটপাট কৰি মানহঁতে ৰূপসীৰ কলগেছিয়া, উদমাৰি ইত্যাদি গাৱেঁদি ক্ৰমে মইন্‌বৰিৰ ফালে ভটিয়াবলৈ ধৰিলে। সিহঁতৰ অত্যাচাৰ, ভীষণ নিখুঁৰতা আৰু পৈশাচিক কাণ্ডত অসমীয়া মানুহ জলাকলা হৈ পবিল। মানহঁতে যি যি গাৱঁত গাৱঁলীয়া মানুহৰ পৰা কোনো বাধা বিঘিনি নাপাইছিল সেই সেই গাৱঁত ধন সোণ লুটপাট কৰাত বাজে আন একো বিশেষ উপদ্ৰৱ কৰা নাছিল। কিন্তু যি যি গাৱঁত গাৱলীয়া মানুহবিলাকে সাহ কৰি সিহঁতৰ লগত যুঁজ দি ঘাটিছিল, সেই সেই গাৱঁত সিহঁতৰ উপদ্ৰৱ বৰ্ণনাৰ অতীত হৈছিল। সিহঁতে ঠায়ে ঠায়ে মতাকে মাইকীকে একেলগে তলাওপৰ কৰি বান্ধি দুইকো একে ঘায়ে কাটিছিল। গিৰিয়েকটোক বান্ধি থৈ তাৰ চকুৰ আগতে তাৰ গাভৰু তিৰুতাজনীৰ সতীত্ব নাশ কৰি গিৰিয়েকৰ আগত ঘৈণীয়েকক, ঘৈণীয়েকৰ আগত গিৰিয়েকক কাটিছিল। কিছুমান মানুহক সিহঁতে হাতত খিলা মাৰি কঁকালত ডোল লগাই লৈ ফুৰাইছিল। কোনো কোনো মানুহক সিহঁতে বাটে পথে মাছ পহুৰ