সি মনােমতীক খেদা মাৰি গ'ল। মনােমতীয়েও বিপদত ধৈৰ্য্য নেহেৰুৱাই ততালিকে কাপােৰৰ তলৰ পৰা ক্ষুৰখন উলিয়াই দেখুৱাই কলে—“পিশাচ! আহ। এই ক্ষুৰ তােৰ ডিঙিতে বহুৱাম!” মিঙ্গিমাহায়াে তৎক্ষণাৎ কঁকালৰ খাপৰ পৰা তৰােৱালখন উলিয়াই দেখুৱাই কলে—“তােক এই তৰােৱালেৰে একে কোবে কাটিম।” মনােমতী—“তই মােক তৰােৱালেৰে কাট। মােৰ পক্ষে সিও ভাল। তেও মই তােক মােৰ গা চুব নিদিওঁ।” মিঙ্গিমাহাই মনােমতীৰ সাহ দেখি আৰু কথা শুনি তৰােৱলখন সুমাই থৈ কলে—“বাৰু! আজিলৈ তােক এৰিলোঁ। কিন্তু মই চাম তইনাে মানৰ ভাত খাৱনে নেখাৱ।” ইয়াৰ পাছতে সি পমীলাক চকুৰ আগতে দেখি কলে—“তই বৰ দুষ্টা! তয়েই তাইক এনেবিলাক বুধি দিছ।” পমীলা—“সেনাপতি। আপুনি পুৰুষ হৈ এজনী তিৰুতাকে বশ কৰিব নােৱাৰিলেঁ। এতিয়া মইহে দোষী হলোঁ?” মিঙ্গিমাহা—“তােক আৰু মই তাইৰে সৈতে একেলগে নথওঁ।” পমীলা—“ভাল। কিন্তু তুমি মােক অকলৈ এঠাইত থলে তোমাৰ ৰণুৱা দুটাই কটাকটিকৈ মৰিব।” মিঙ্গিমাই—“মই তােকো কাকো নিদিওঁ। তইও মােৰে হবি। বাৰু! আজিলৈ মই যাওঁ।” এই বুলি মিঙ্গিমাহা ঘৰৰ ভিতৰৰ পৰা ওলাল। ওলায়েই তেওঁ সমুখতে এটা ৰঙা পাগুৰিৰে সৈতে মানুহ পালে। সেই মানুহটোৱে মিঙ্গিমাহাৰ হাতত এখন চিঠি দিলে। মিঙ্গিমাহাই সেই চিঠিখন লৈ মানুহটোক বিদায় দি নিজৰ বহালৈ গ'ল।
পৃষ্ঠা:Manomati.pdf/১৫৬
অৱয়ব