সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
মনোমতী

দৰে বান্ধি বান্ধি পেলাই লৈ সিহঁতক জাঠি জোঙেৰে খুচি বিন্ধি মাৰি সিহঁতৰ মঙ্গহ কাউৰী শগুনক খুৱালে। ঠায়ে ঠায়ে সিহঁতে অসমীয়া মানুহ কেতবিলাকক একেটা ঘৰত সুমাই লৈ জুৱাৰ বান্ধি ঘৰত জুই দি জাকি দি পুৰি মাৰিলে। ঠায়ে মাকৰ বুকৰ পৰা কেচুৱা লৰা কাঢ়ি লৈ মাকৰ চকুৰ আগতে সেই কেচুৱা লৰাক ওপৰলৈ ধোপ মাৰি দি তলত তৰোৱাল পাতি কাটি সেই কেচুৱা লৰাৰ মঙ্গহ মাকৰ মুখত কঁটিয়ালে। সিহঁতৰ অত্যাচাৰত, সিহঁতৰ উপদ্ৰৱত অসমীয়া মানুহে গাওঁ এৰি হাবিয়ে বননিয়ে পলাল। ভালেমান মানুহ বিজনী, গৌৰীপুৰ, গোৱালপাৰা ইত্যাদি ঠাইত সোমালগৈ। অনেক মানুহ পলাই চিলমাৰি ধুবুৰিৰ ফাললৈ গ’ল। কিছুমান মানুহ পলাই হেনো ভোটান পাহাড়েদি তিববত (১) পালেগৈ। কিছুমান মানুহ সিহঁতে লগতে ধৰি ধৰি ললে।

 এইদৰে নিচলা অসমীয়া জাতিক এফালৰ পৰা কাটি মাৰি নাশ কৰি, বৰনগৰ, ৰূপসী শ্মশানত পৰিণত কৰি হলকান্ত বৰুৱাৰ মানজাকে মইনবৰিৰ ফাললৈ যাবলৈ ধৰিলে।