পৃষ্ঠা:Manomati.pdf/১৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪৮
মনোমতী

খুজিছে?” পমীলা—“ইহঁতে হেনো বুঢ়ী আৰু ছোৱালীবিলাকক কাটি পেলায়। ভাল ভাল গাভৰুবিলাকৰ হেনো জাতকুল মাৰে।” মনোমতী—“সখি! পিশাচহঁতে আমাক ইয়াকে কৰিবলৈহে ৰাখিছেনে?” পমীলা—“এৰা! তোমাৰ ওপৰত মানৰ সেনাপতি তিলোৱাৰ চকু পৰিছে। মোৰ ওপৰত বা বিশেষকৈ কাৰ চকু পৰিছে কব নোৱাৰে। বাৰু! তোমাক এটা কথা সোধোঁ। তুমিনো মানৰ ভাত খাব পাৰিবানে?” মনোমতী—“জীউটো গলেও মই পিশাচৰ তিৰুতা হব নোৱাৰিম।” পমীলা—“যদি বল কৰি সেনাপতিয়ে তোমাৰ গাত ধৰে তেন্তেনো কি কৰিবা? ” মনোমতী—“কাপোৰৰ তলৰ পৰা ক্ষুৰখন উলিয়াই দেখুৱাই) “এই ক্ষুৰেৰে হয় তাৰ ডিঙিত নহয় মোৰ নিজৰ ডিঙিত ৰেপ দিম।” পমীলা— “তোমাৰ নিজৰ ডিঙিত ৰেপ দিয়া ভাবটো এৰা। পাৰিলে পিশাচৰ ডিঙিত ক্ষুৰখন বহুৱাবা।” মনোমতী—“বাৰু তাকে হলেও কৰিম কিন্তু কোৱাচোন সখি! তুমি নো কি কৰিবা?” পমীলা—সখি! মই পিশাচক বান্দৰৰ দৰে নচুৱাম। দুটাক নচুৱাইছো দেখিছাই। কেৱল সেনাপতিক নচুৱাব পৰা নাই।” এইদৰে দুইও সখীয়েকে কথাবতৰা পাতি থাকোঁতেই মিঙ্গিমাহা আহি ঘৰৰ ভিতৰত সোমাল। সি ঘৰৰ ভিতৰত সোমোৱা মাত্ৰেই মনোমতী ভয়তে চুকত সোমালগৈ। চতুৰী পমীলাই মিচিক কৰি হাঁহি এটি মাৰি আগবাঢ়ি আহি মিঙ্গিমাহাক কলে—‘সেনাপতি! আজি আমাৰ কি ভাগ্য যে