পমীলা—মনোমতী—মিঙ্গিমাহা
মানহঁতে পমীলাকে আৰু মনোমতীকে একেলগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিলা ৰাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথাবতৰা কৈ উছাহ দি আছিল; আৰু সেই বিপদৰ সময়তো খুহুতীয়া কথা কৈ মনোমতীৰ জঁয় পৰা মনত অলপ ৰঙ লগাইছিল।
মইনবৰি গাৱঁতো পমীলা মনোমতীৰ আজি দুদিন নিৰাহাৰ। মানহঁতে তেওঁবিলাকৰ জাতকুল মাৰিবৰ অভিপ্ৰায়ে তেওঁ বিলাকক সিহঁতৰ ৰন্ধা ভাত আনি আনি দিছিল। চতুৰী পমীলাই ঘৰৰ ভিতৰতে নিজৰ কঁকালত থকা হাচতিৰ কটাৰী এখনেৰে গাত এটা খানি লৈ মানহঁতৰ ভাতবিলাক সেই গাতত পেলাই পেলাই দিছিল; আৰু ভোকে লঘোনে তেওঁবিলাকে দুদিন দুৰাতি কটাইছিল। এতিয়া৷ গধূলি হোৱাত দুইও সখীয়েকে চুক এটাত পৰি ডিঙিত ধৰাধৰি কৰি কথাবতৰা পাতি মনৰ দুখ মনতে সামৰিছিল। মনোমতীয়ে কৈছিল—”সখি! আমাকনো কিহে পালে?” পমীলা—“আন একো নহয় সখি! আমাক কালেহে পাইছে।” মনোমতী—“সখি! ইহঁতে আমাৰ দেউতাকনো কলৈ নিলে? কি কৰিলে? প্ৰভুৱেনো আমাৰ কপালত ইয়াকেহে লিখিছিলেনে?” পমীলা—“সখি! ইয়াকে নিলিখিলেনো আমাৰ এনেকুৱা বিলাই কেলেই হ’লহেঁতেন?” মনোমতী—“সখি। এই পিশাচহঁতে আমাকনো কি কৰিব