আপুনি আমাৰ ঘৰলৈ আহিল।” মিঙ্গিমাহা—“তােমালােক কেনে আছা, মই তাকে চাবলৈ আহিছোঁ।” পমীলা— “সেনাপতিৰ আমালৈ বৰ মৰম।” মিঙ্গিমাহা—“এৰা, বৰ মৰম। আমি তােমালােকৰ নিচিনা গাভৰুক বৰ ভাল পাওঁ নহয়নে? বাৰু তােমালােক কেনে আছা?” পমীলা— “সেনাপতিৰ অনুগ্ৰহত আমি এই ঘৰৰ ভিতৰতে ৰজাৰ ঘৰত থকা যেন পাইছোঁ।” মিঙ্গিমাহা—“তােমালােক খােৱা লােৱাত একো দুখ হােৱা নাইনে? পমীলা—“সেনাপতি। তােমালােকৰ ভাতবিলাক বৰ মিঠা। কিন্তু সেই ফটিকাবিলাকহে দেখােন কেনেবা কেচে মাকেচেম্ গােন্ধায়।” মিঙ্গিমাহা—“তুমি এতিয়াও ফটিকাৰ সােৱাদ বুজিব পৰা নাই। এবাৰ ফটিকাৰ সােৱাদ পালে বুজিবা ফটিকা কেনে ভাল বস্তু। এবাৰ ফটিকাত মুখ বহিলে সদায় আমাৰ ফটিকা খাবলৈহে মন কৰিবা।” পমীলা— “হব পাৰে। আপোনালােকৰ নিচিনা দিগ্বিজয়ী বীৰ সকলে যেতিয়া ফটিকা ইমান ভাল বস্তু বুলি কৈছে তেতিয়া ফটিকানো কেনেকৈ বেয়া হব পাৰে? আমাৰ খাৰ খােৱা জীভাত ভাল নালাগিলেই এনে দেৱতাৰ দুৰ্ল্লভ বস্তু বেয়া হব পাৰেনে?” মিঙ্গিমাহা—“হয়। তুমি যথাৰ্থ কথা কৈছা। বাৰু কোৱাচোন তােমাৰ লগৰ সিজনী কলৈ গ'ল?” পমীলা—“তাই ভয় খাই সৌ চুকত সােমাইছেগৈ।” মিঙ্গিমাহা (হাঁহি হাঁহি )- “কিহৰনাে ভয়! আমি কিবা বাঘনে, তাইক খাই পেলাম?” পমীলা—“সেনাপতি! তাই ন ছােৱালী। একোকে নেজানে।
পৃষ্ঠা:Manomati.pdf/১৫৩
অৱয়ব