কৰাত একো একোবাৰ ডাবিমাৰি কৈছিল—“মিঙ্গিমাহা! তই আজি কেলেই এনেখন কৰিছ? অলপ কম কৰি খা।” মিঙ্গিমাহা —“বুকুৰ জীউ! তই নেজাননে আমাৰ মানৰ মদ ফটিকায়ে জীউটো ৰাখি থয়? মোৰ আজি মনটো বৰ ভাল লাগিছে অ। কলিজা! গীত গা৷ ” গাভৰুজনীয়ে কলে—“তোৰ আৰু সময় অসময় নাই। মইনো এতিয়া কেনেকৈ গীত গাওঁ?” মিঙ্গিমাহা —“নহয় মইনা! নাগালেই নহয়।” গাভৰুজনীয়ে তেতিয়া তাৰ আক্ৰোশ এৰাব নোৱাৰি কলে—“বাৰু ৰবি বীণখন লই আহোঁ” এই বুলি সিখোটালিলৈ গ’ল। মিঙ্গিমাহাই আকৌ বাটিয়ে বাটিয়ে মদ খাবলৈ ধৰিলে।
মানৰ লগত থকা এই গাভৰুজনীৰ নাম পদুমী। তেওঁৰ বয়স উনৈশ কি কুৰি বছৰ হৈছিল। তেওঁৰ চুলিবিলাক মিহি। মাজে মাজে ঢৌ খেলোৱাৰ নিচিনা ভাজ খোৱা আৰু দীঘল, কঁকাললৈকে পৰা অলপ অলপ ৰঙচুৱা। মুখখনি সুন্দৰ ঘুৰণীয়া অলপ বহল। গাল দুখন পূৰ অলপ অলপ উঠা। তেওঁৰ বৰণ তেজগোৰা বগা, চেলচেলীয়া বগা নহয়। তেওঁৰ কাণ দুখন সৰু সৰু ঘূৰণীয়া। তাতে সৰু সৰু দুটি জঙি শিলিখাৰ সমান কুণ্ডল। এই কুণ্ডল যুৰিয়ে গাল আৰু গলধনত এনে এটি সৌন্দৰ্য্য উলিয়াইছিল যে তাক কৈ এটাব নোৱাৰি। কুগুল যুৰিয়ে যেন কৈছিল—“গাল আৰু গলধন! আমি তোমালোকৰ যোৰ হৈছোঁ নহয়নে?” গাল আৰু গলধনে যেন কৈছিল—“আমি এনেই শুৱনী তোমালোকক কেলেই লাগিছে?” এই দৰে যেন উভয়ে