পৃষ্ঠা:Manomati.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৰিয়াঅৰি কৰি শেহত দুইৰো ভিতৰত এনে এটা মিল দেখুৱাইছিল যেন সোণত সুৱগাহে মিলিছিল। পদুমীৰ চকুযুৰি উজ্জ্বল আৰু ক'লা, ওপৰৰ ভূৰুযুৰি যেন তুলিৰেহে আঁকা। নাকটো দীঘল, টনটনীয়া, সাইলাখ বাঁহী এটিৰ দৰে থুতৰিটো ঘূৰণীয়া। ডিঙিটো নিয়মৰ, চুটিও নহয় দীঘলো নহয়। তেওঁৰ হাত দুখন ঠগুৱা। দুইওখন হাতেই ঘূৰণীয়া, যেন কুন্দতহে কটোৱা। আঙুলিবিলাক আগফালে সৰু, গুৰিৰ ফালে ঘুৰণীয়া। হাত দুখনত দুডাল সোণৰ বালা। সোণৰ বৰণে বোলে মই চাৰ। হাতৰ বৰণে বোলে মই চাৰ। পদুমীৰ গাটো শকত আৱত কিন্তু সেই বুলি তেওঁ ধাধহী নাছিল। তেওঁৰ সেই গাত এটা চোলা। কঁকালৰ অলপ নামলৈকে পৰা। তেওঁৰ বুকুখন ওখ, যেন তেওঁৰ যৌবনৰ গোটেই ভৰটো তাতে থুপ খাইছিল আৰু তেওঁৰ যেন মানুহৰ আগত তেওঁৰ সেই যৌবনৰ ভৰটিয়ে বুকু ফিন্দাইহে ফুৰিবলৈ দিছিল।

 পাঠক! আপোনাসকলে পদুমীৰ ৰূপৰ বিষয়ে যি ভাবে ভাবক। কিন্তু আমি শুনিছিলোঁ পদুমী হেনো এজনী অসমীয়া গাভৰু আছিল আৰু তেওঁ সৰুতে পাট গাভৰু থাকোতে হেনো তেওঁক তেওঁৰ লগ সমনীয়া ছোৱালীবিলাকে,—

“হাতো পদুমী ভৰিও পদুমী
ৰুক্মিণীৰ পদুমী নাম”

ইত্যাদি বিধৰ নাম গাই জোকাইছিল।

 পদুমীৰ স্বভাৱ হেনো সৰুতেও গহীন আৰু গোমোঠা বিধৰ