গছ ইমান ঘনকৈ ৰোৱা যে কাঁড়ীয়ে কাঁৰ মাৰিলেও সৰকিব নোৱাৰিছিল।
মানৰ সেনাপতি মিঙ্গিমাহাই গাওঁখনৰ ভিতৰত এইটো হাউলিকে ভাল পাই ইয়াতে আাছিল। তেওঁ চৰাঘৰটোতে বাস লৈছিল। সেই ঘৰৰ ভিতৰ পুলিটোত তেওঁ শোৱা শয্যা পাতি লৈছিল। বাহিৰৰ পুলিটোত বহামেলা কৰিছিল।
মইনবৰি পাবৰ পিছ দিনা এই চৰা ঘৰটোৰ বাহিৰৰ খাট এখনৰ ওপৰত—মিঙ্গিমাহাই এহাড়ি মদ আগত লৈ বহি আছিল। সেই সময়ত বেলি মাৰ যাওঁ মাৰ যাওঁ হৈছিল; গছে-পাতে ৰদ আছিল। আকাশখন নিৰ্ম্মল। মিঙ্গিমাহাৰ কাষতে আমি তেওঁৰ নাৱত দেখা সেই গাভৰুজনী আছিল। তেওঁ সেই দিনা বৰ ধুনীয়াকৈ সাজ পাৰ কৰিছিল; আৰু মিঙ্গিমাহাৰ কাষত বহি দাপোণ এখন চাই ভালকৈ মূৰটো মেলাবলৈ ধৰিছিল। মিঙ্গিমাহাই তাৰ সমুখত থকা মদৰ কলহটোৰ পৰা মদ ঢালি ঢালি লৈ বাটিয়ে বাটিয়ে খাইছিল আৰু মাজে মাজে চেলুয়ই হুপিছিল। তাৰ বাটিৰ একোটুপি মদ গাভৰুজনীকো খুৱাইছিল। গাভৰুজনীয়েও তাক সন্তোষ দিবৰ মনেৰেই হওক বা আন কোন অভিপ্ৰায়েই হওক বাটিটো মুঠেই মুখত লগাই লগাই দিছিল আৰু মূৰ মেলাই উঠি নিজ হাতে মদ ঢালি ঢালি মিঙ্গিমাহাক খুৱাইছিল। মিঙ্গিমাহাই সেই মদ আগ্ৰহেৰে সৈতে খাইছিল আৰু মদৰ ৰাগীত একো একোবাৰ গীত গাইছিল; একো একোবাৰ গাভৰুজনীক আকোৱালি ধৰিছিল। গাভৰুজনীয়ে সি তেনেকুৱা