মানুহ জাক এই নদীৰ ওচৰ চপা মাত্ৰকে পানীৰ অলপ দৰ পৰা দুখন চৈ দিয়া চৰা নাওঁ আহি পাৰ চাপিল। তিৰুতামানুহবিলাক দুজাক হৈ এখন নাঁৱত উঠিল৷ গাভৰুজনীয়ে প্ৰায় পোন্ধৰ ষোলজনী মান তিৰুতাৰে সৈতে এখন নাঁৱত উঠি তাত পাৰি থোৱা শয্যা এখনত বহিল। তেওঁৰ লগৰ মানুহ এজনীয়ে তেওঁক তামোলৰ বটাটো আগবঢ়াই দিলে। গাভৰুজনীয়ে লচ্-পচ্ কৰি তামোল কাটিবলৈ ধৰিলে। তাৰ পাছতে নাৱঁৰীয়াহঁতে নাৱঁৰ গোজ উঘালি লৈ নাওঁ মেলি দিলে। গাভৰুজনী মানুহে দুনুহে সৈতে নাৱঁত উঠোতে আমাৰ ডেকাজনে চকু নপচৰাকৈ গাভৰুজনীৰ ফাললৈ চাই আছিল৷ তেওঁৰ লগৰ আধামান মানুহ এখন নাৱঁত উঠিল; এনেতে তেওঁৰ লগৰ বয়সিয়াল মানুহ এজনে মাত লগালে:―“বোপা দেউতা! কৰে কি। নাৱঁত উঠিবৰ হৈছে।” সেই মানুহজনৰ এই কথা কেই আষাৰে তেওঁৰ গালৈ গম আনিলে৷ তেওঁ তেতিয়া লৰালৰিকৈ তেওঁলৈ সজাই থোৱা নাওঁখনত গিৰিস্ কৰি উঠিল আৰু তাত পাৰি থোৱা শয্যা এখনত বহি নাওঁ মেলি দিবলৈ কলে। তেতিয়াই দুখন নাৱোঁ চলিবলৈ ধৰিলে। নাৱঁৰীয়াহঁতে গিৰিপ্ গিৰিপ্ কৰি বঠা মাৰিলে। চাৰিউখন নাওঁ অগা পিছা হৈ যাবলৈ ধৰিলে।
এইদৰে নাওঁ কেইখান এখান মান তামোল খাবৰ বাট যোৱাৰ পাছত ডেকাজনে তেওঁৰ ওচৰত বহি থকা বয়সিয়াল মানুহ এজনক কলে:—“ককাই! আমাৰ নাৱঁৰীয়াহঁতে নাৱেঁ নাৱেঁ