সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় অধ্যায়
নৈৰ বুকুত

 কীৰ্ত্তনঘৰৰ পৰা ওলাই আমাৰ এই ৰূপহী গাভৰুজনী লগৰ আন আন গাভৰু আৰু বুঢ়ীয়ে সৈতে পোনেই উত্তৰলৈ মুখ কৰি গ’ল। আমাৰ এই ডেকাজনো প্ৰায় দুকুৰিজন মানুহে সৈতে তেওঁৰ পাছে পাছে গ’ল। এইদৰে প্ৰায় এমাইল মান বাট গৈ গাভৰুজনী পচিমলৈ ঘূৰি আকৌ এটা বাটেদি যাবলৈ ধৰিলে। ডেকাজনো মানুহে-দুনুহে সৈতে সেই বাটেদিয়ে গ’ল। অলপ দূৰ গৈয়েই দুইও জাক মানুহে বৰপেটাৰ “চাউল-খোৱামানাহ" নদী পালে। এই নদীটো নিচেই সৰুও নহয়, ডাঙৰো নহয়। গুৱাহাটীৰ উত্তৰ পাৰে থকা হাজো সোঁতাৰে এটা সুুঁতি পচিম মুখে হাজোৰ ওচৰতে ফাটি আহে; আৰু তাতে উত্তৰফালৰ পৰা পাগলাদিয়া, আলপা, কালদিয়া, পহুমাৰ ইত্যাদি সৰু সৰু নদী পৰি সুুঁতিটো ক্ৰমে ভাটিৰ ফাললৈ বহল হৈ আাহে। বৰপেটাৰ ওচৰত ডোঙ্গৰকুচি নামেৰে এখন গাঁৱৰ গুৰিয়েদি "মানাহ” নামেৰে আৰু এটা পৰ্ব্বতীয়া নদী আহি লগ লাগে আৰু এই খিনিৰে পৰাই নদীটোৰ নাম “চাউলখোৱা-মানাহ" হয়। বৰপেটীয়া মানুহবিলাকে এই নদীয়েদি সেই সময়োতে উজাই ভটীয়াই বেহা-বেপাৰ কৰি ফুৰিছিল। তিৰুতা-