পৃষ্ঠা:Manomati.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাম গাই যকচোন।” ডেকাজনৰ এই কথা শুনি মানুহজনে সিখন নাৱঁৰ কঁহিৰাম নামেৰে মানুহ এজনক মাতি কলে “কহিৰাম! বোপা দেউতাই কৈছে নাৱঁত নাম গাই যাব লাগে।” কঁহিৰামে “ভাল বাৰু” বুলি কৈ গাবলৈ ধৰিলে:―

ঘোষা

“কৈত পাইবোঁ প্ৰাণ গোপাল আমি
হৰাইলোঁ অৰুণ লোচন স্বামী॥"

নাৱঁৰীয়াহঁতে ধৰিলে:―

“কৈত পাইবোঁ প্ৰাণ গোপাল আমি
হৰাইলোঁ অৰুণ লোচন স্বামী।”

কঁহিৰামে লগালে:―

পদ

“উচ্চ বৃক্ষ দেখি শোধে সাদৰি।
শুনিয়ো অশ্বথ, বট, পাকৰি।৷

নাৱৰীয়াহঁতে ধৰিলে:― কৈত পাইবোঁ…......

কঁহিৰাম—

“যাহন্তে দেখিলা নন্দকুমাৰ।
নেন্তে চুৰি কৰি চিত্তহামাৰ॥
… … … … …