“টেঙ্গুলা! তই যে মোক বিয়া কৰাবি মোকনো কি কি দিবি? কি কি খুৱাবি?” টেঙ্গুলাই তাইৰ এই কথা শুনি আনন্দৰ উলাহত কলে—“তোক সোণ দিম; কানিকাপোৰ দিম; মদ- ভাত দিম আৰু কি দিম?” পমীলা—“বাৰু! তই জানিব৷ মোক এইবিলাক দিবি। বাৰু তই সইত কাঢ় মই আৰু যি খোজোঁ তাকে দিবিনে নিদিয়।” টেঙ্গুলাই কলে—“সইতে সইতে লামা গুৰুৰ সইতে তোক আৰু যি লাগে তাকে দিম।” পমীলা — “তহঁতৰ দেশত হেনো ভালেমান শুকুলা হাতী আছে। মোক তই উঠি ফুৰিবলৈ এটা শুকুলা হাতী দিবিনে?” পমীলাৰ এই কথাত টেঙ্গুলাৰ উত্তৰ হেৰাল। নাৱৰ মানবিলাকে হো হো কৰি হাঁহিবলৈ ধৰিলে। টেঙ্গুলাই লাজ পালে। অলপ পৰ ৰৈ সি কলে—“আমি পৰ্ব্বতীয়া মান। আমাৰ পৰ্ব্বতীয়া মানৰ আন কি প্ৰায় কোনো মানৰে বগাহাতী নাই। কেৱল আমাৰ ৰজাৰহে আছে। বগাহাতীত বাজে আন যিহকে খোজ তাকে দিব পাৰিম।” পমীলাই কলে—এঃ তই তেন্তে কিহৰনো ডেকা? মোৰ নিচিনা এজনী গাভৰুৰে মন যোগাব নোৱাৰ আৰু দহজনীনো কেনেকৈ বিয়া কৰাবি?” টেঙ্গুলাই খঙতে নিজৰ দাখন দেখুৱাই কলে—“এই দাৰ কোবেৰে।” পমীলাই হাঁহি হাঁহি উত্তৰ কৰিলে—“দাৰ কোবেৰে যেয়ে সেয়ে পাৰে। মইও তোৰ নিচিনা ডেকা হোৱা হলে দাৰ কোবেৰে এশজনী বিয়া কৰালোহেতেন। দি থৈ বশ কৰিব পাৰিলেহে পৰা।” পমীলাৰ এই কথাত মানহঁতে আকৌ হো
পৃষ্ঠা:Manomati.pdf/১৩৬
অৱয়ব