সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৩
নাৱেৰে

হো কৰি হাঁহিবলৈ ধৰিলে। চণ্ডীবৰুৱাৰ আৰু লক্ষ্মীকান্তৰ মৰা প্ৰাণতো অলপ হাঁহি ওলাল। এনেতে সিফালৰ পৰা সেনাপতিৰ নাওখন আহি সিহঁতৰ ওচৰ পালে। হাঁহি খিকিন্দালি শুনি মিঙ্গিমাহাই সুধিলে—“তহঁতৰ কিহৰ নিমিত্তে ইমান ৰঙ হৈছে?” বন্দুলা নামেৰে টেঙ্গুলাৰ নাৱত থকা বৰফুকন টোৱে কলে—“সেনাপতি! ইয়াত এই মই ধৰা তিৰুতাজনীয়ে বৰ ৰং লগা কথা কৈ আমাকে হঁহুৱাইছে।” মিঙ্গিমাহা—“চাওঁ কেনে ৰঙ লগা কথা কব পৰা তিৰুতাজনী।” তেওঁৰ এই কথাত টেঙ্গুলা আহি ওচৰ চাপি কলে—“সেনাপতি। সেইজনী। তাইক মোক দিয়ক।” মিঙ্গিমাহাই টেঙ্গুলাৰ এই কথাৰ একো উত্তৰ নিদি পমীলাক ওচৰলৈ মাতি আনি তেওঁক আগৰে পৰা গুৰিলৈকে চাই হাহি হাহি সুধিলে—“গাভৰু! তোৰ টেঙ্গুলাত মন সোমাইছেনে?” পমীলা—“সেনাপতি। মোৰ এটা গোচৰ আছে।” মিঙ্গিমাহা—“কিহৰ গোচৰ?” পমীলা—“সেনাপতি। আমাকতো তোমালোকে আনিলাই। আমিনো আৰু কাহানি আমাৰ আই ভাই বোপাইহঁতক পাম? তোমালোকেতো আমাৰ জাতকুল মাৰিবাই। সেই দেখি আমিও নিজৰ কপালকে সাৰোগত কৰি তোমালোকৰ আশ্ৰয় লওঁ বুলিছোঁ। তোমালোকৰ এজনত মই আৰু আন এজনত মোৰ সেই সখী বিয়া সোমাব লাগিব। এতিয়া মই কাত বিয়া সোমাওঁ তাকে গুণাভবাত পৰিলোঁ।” সেনাপতি—“তোৰ যাকে ইচ্ছা যায়।” পমীলা—“সেনাপতি! এটা কথা। আমাৰ হিন্দুৰ নিয়মমতে তিৰুতাৰ হাতত যেয়ে