বিদ্ৰূপ কৰিবলৈ নেৰিছিল। বিদ্ৰূপ কৰি হেপাহ নপলাই সি এবাৰ উঠি মাহি মনোমতীৰ মুখত তাৰ চেলুয়ইটো গুজি দিবলৈ ধৰিলে এনেতে সেই গাভৰুজনী উঠি আহি তাক আকোৱালি ধৰি—“তই এইখন কি কৰ” বুলি টানি নি বহুৱাই কলে “মিঙ্গিমাহা মই তোক বৰ ভাল পাওঁ অ। তই সেই গেন্ধেলীত চকু দিলে মই মৰি যাম।” মিঙ্গিমাহাই কলে—“বুকুৰ জীউ! তই মোক বৰ ভাল পাৱনে?’ গাভৰুজনীয়ে কলে— “এৰা কলিজা! তোক মই বৰ ভাল পাওঁ।” মিঙ্গিমাহাই হাঁহি হাঁহি কলে—“ভাল নেপাবিনো কেলেই? মই জানো কম ধুনীয়া ডেকা?” এইবুলি কৈ সি নিজৰ গোফ্ কোচা পকাবলৈ ধৰিলে আৰু এবেগেত মান দীঘল চেলুয়ই এটা লগাই লৈ হুপিবলৈ ধৰিলে। কেই হোপা মান মাৰি সি চেলুয়ইটো গাভকজনীৰ মুখত গুজি দিলে। গাভৰুজনীয়ে মনোমতীলৈ আঙুলিয়াই কলে—“তাই আগত থকাত তই এনেখন নকৰিবি। মোৰ লাজ লাগে অ৷ এই বুলি কৈ চেলুয়ইটো ওলটাই দিলে। মিঙ্গিমাহাই সেই চেলুয়ইটো তেতিয়া নিজৰ মুখতে সুমাই লৈ গাভৰুজনীৰ ফাললৈ চাই হাঁহিবলৈ ধৰিলে।
ইফালে টেঙ্গুলাৰ নাৱত পমীলাকো টেঙ্গুলাই ওৰে নাৱে বিদ্ৰূপ কৰি গৈছিল। টেঙ্গুলাই কৈছিল—“মইনা! তই মোৰ হলি। মই সিজনীক লব খুজিছিলোঁ; কিন্তু আমাৰ সেনাপতি ওপৰতে চগা পৰিল। তোতো যদি চগা নপৰে তেন্তে তই মোৰ হলি।” বুদ্ধিমতী আৰু বিপদত চতুৰী পমীলাই উত্তৰ দিলে—