দুজনীক সেইদৰে টানকৈ বান্ধ-ছাত নিদি অলপ অচৰপকৈ বান্ধি নিছিল।
লক্ষ্মীকান্ত ডেকা বৰুৱাৰ ক্ষত হোৱা ঠাইডোখৰৰ পৰা ভালে মান তেজ বৈছিল; কিন্তু নাৱৰ তলিত তেওঁক পেলাই নিয়াৰ পৰা উপকাৰ হ’ল। নাৱৰ তলিৰ পানীবিলাক তেওঁৰ ঘাত লাগি ঘাৰ তেজ ববলৈ এৰিলে। ভাগৰে জুখে, অনাহাৰে লক্ষ্মীকান্ত এধা মৰা যেন হৈ গ’ল।
মিঙ্গিমাহাৰ নাৱতো শান্তিবাম ভকত সেইদৰে মৰাৰ নিচিনা হৈ পৰি গৈছিল। তেওঁ ভালেখিনি পৰলৈকে কাৰো মুখলৈ নেচাই মাতবোল নোহোৱা হৈ আছিল। তাৰ পিছত এবাৰ তেওঁ মিঙ্গিমাহাৰ ফালে চালে। তাৰ ফালে চাওঁতেই তেওঁৰ চকু সেই গাভৰুজনীৰ ওপৰত পৰিল। তেওঁ ৰ’ লাগি সেই গাভৰুজনীলৈ ক্ষন্তেক পৰ চাই থাকি শেহত উচপ্ খাই উঠি গাভৰুজনীক মাতোঁ মাতোঁ কৰিলে; কিন্তু গাভৰুজনীয়ে তেওঁৰ আশৈ বুজি তেওঁক ততালিকে চকুৰে ইঙ্গিত কৰি বাধা দিলে। তেতিয়া তেওঁ তললৈ মূৰ কৰি উচপি উচপি কান্দিবলৈ ধৰিলে। মিঙ্গিমাহাই সেই কথাৰ গম নেপালে।
মিঙ্গিমাহা সেনাপতিৰ আন আন অশেষ দোষৰ লগে লগে সুন্দৰী তিৰুতালৈ অগ্ৰহ হোৱা দোষ থাকিও ষোল্ল কলায় আাছিল। সেই দেখি তেওঁ ৰূপহী মনোমতী গাভৰুক নিজৰ নাৱত তুলি লৈছিল। মনোমতীয়ে নিজৰ অৱস্থা গমি ভাবি নাৰে নাৱে কান্দি গৈছিল। মিঙ্গিমাহাই তেওঁক নাৱে নাৱে