পৃষ্ঠা:Manomati.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় খণ্ড

প্ৰথম অধ্যায়

নাৱেৰে

 এইদৰে মিঙ্গিমাহা ক্যাডেউঙে বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰি আৰু বৰুৱাৰ সোণৰ হাউলিক শ্মশানত পৰিণত কৰি তাৰ পিছদিনা ৰাতি পুৱাই হলকান্ত বৰুৱাক ক্ষন্তেকো জিৰাবলৈ নিদি এজাক মান আৰু ওঠৰটা বৰফুকনৰ দহোটা লগত দি বৰনগৰ, ৰূপসী ইত্যাদি ঠাই আক্ৰমণ কৰিবলৈ পঠালে। তেওঁ এজাক মান আৰু বন্দীবিলাকক লগত লৈ আকৌ মানাহেদি ভটিয়াবলৈ ধৰিলে। হলকান্ত বৰুৱাই বৰনগৰীয়া বৰুৱাৰ হাউলিত তেওঁৰ শক্ৰ বৰনগৰীয়া বৰুৱাত বাজে আৰু কোন কোন বন্দী হৈছিল জানিব নোৱাৰি উলাহ মনেৰে মান সৈন্য লগত লৈ নিজৰ দেশ লুটপাট কৰিবলৈ গ’ল।

 বন্দীবিলাকৰ ভিতৰত মিঙ্গিমাহাই মনোমতী আৰু শান্তিৰাম ভকতক নিজৰ নাৱত তুলি লৈছিল। লক্ষ্মীকান্ত বৰুৱা, পমীলা আৰু বৰনগৰীয়া বৰুৱাক টেঙ্গুলা নামেৰে মানৰ বৰফুকনটোৱে তাৰ নাৱত লৈছিল। মানহঁতে মতা বন্দী কেইজনক মাছ পহুৰ দৰে বান্ধি নাৱৰ তলিত পেলাই নিছিল। তিৰুতা বন্দী