পৃষ্ঠা:Manomati.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
মনােমতী

ইচ্ছা।” চণ্ডী বৰুৱাই শান্তিৰামৰ এই কথা শুনি পমীলাক কলে—“পমীলা! তুমি ভিতৰলৈ যােৱাঁ। আয়েৰাক মাতি আনি বেৰৰ কাষত থাকিবলৈ কোৱা”। আৰু সেইপােনে কাতিয়াকো পঠাই দিয়া।” বৰুৱাৰ এই আদেশ পাই পমীলা ভিতৰলৈ গ'ল আৰু ততালিকে বৰুৱানীক টোপনিৰ পৰা তুলি আনি বুলনী ঘৰত বহুৱালে। কাতিয়া লগুৱাও তালৈ আহিল। বৰুৱানী আহি বুলনী ঘৰ পাওঁতে বৰুৱাই কলে—“বপাৰ মাক! শুনিছানে? মান হেনাে ভটিয়াই আহিব লাগিছে। এতিয়ানো আমি কি কৰিম?” বৰুৱানীয়ে ভিতৰৰ পৰা পমীলাৰ আগত কৈ পঠালে—“ডাঙৰীয়াক মইনো কি দিহা দিম! ডাঙৰীয়ায়ে যেনে ভাল দেখে কৰক।” ঘৈণীয়েকৰ এই কথা শুনি চণ্ডীবৰুৱাই পমীলাক শুধিলে—“পমীলা! এতিয়ানো আমি কি কৰিম?” পমীলা—“দেউতা! আপুনি আমাৰ সেনাপতি তিনিজনক মতাই আনি আলচ কৰক। মই বেটীৰ এটা কথা কবলগীয়া আছে। মই শুনিছোঁ যুগীৰ পামৰ বৰুৱাৰ পুতেক হেনো বৰ বীৰ আৰু উৎসাহী। তেওঁক হেনাে বাপেকে মানৰ লগত ৰণ দি তেওঁলােকৰ গাওঁখন ৰক্ষা কৰিবলৈ থৈ গৈছে। মই বঢ়িয়াকৈ জানাে আমাৰ সেনাপতি তিনিজন সােপাঢিলা মানুহ আৰু ভয়াতুৰ। মােৰ বিবেচনাৰে হলে কাইলৈ প্ৰাতসতে তেওঁক মতাই আনি তেওঁৰ নিজৰ ৰণুৱা আৰু আমাৰ ৰণুৱা বিলাককে তেওঁক সপি দি এই দুখন গাওঁ ৰক্ষা কৰিবলৈ সেনাপতি পতা যাওঁক। তেওঁ ডেকা মানুহ। তেওঁৰ দুই তিনি