পৃষ্ঠা:Manomati.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
বৰনগৰ আক্ৰমণ

শান্তিৰাম ভকতে সৈতে ধৰ্ম্ম আলাপ কৰি আছিল এনেতে পমীলা আহি ওচৰ পালে। পমীলাক দেখি তেওঁ সুধিলে— “কি লাগে পমীলা?” পমীলা—“দেউতা! মোৰ এটা কথা জনাবলগীয়া আছে।” বৰুৱা—“কি কথা কোৱা।” পমীলা— “দেউতা! মই শুনিলোঁ মানে হেনো গুৱাহাটীত বৰফুকনক যুঁজত ঘটুৱাই ভটিয়াই আহিব লাগিছে।” বৰুৱা—“পমীলা! তুমি এই কথা ক'ত শুনিলা? বৰফুকনে সৈতে মানৰ যুঁজলগা হলে মোলৈ বৰফুকনে সৈন্য সামন্ত খুজি কটকী পঠালেহেঁতেন।” পমীলা—“দেউতা! কটকী কিয় আহি নেপালে কব নোৱাৰোঁ; কিন্তু মই সঠিককৈ শুনিছোঁ মান হেনো ভটিয়াই আহিব লাগিছে আৰু শুনিলোঁ যুগীৰ পামৰ বৰুৱা হেনো দুহেজাৰ ৰণুৱা লৈ মানৰ লগত যুঁজ দিবলৈকে হওক বা আন কোনো কাৰণেই হওক উজাই গৈছে। মোৰ কথা হয় নে নহয় আমাৰ আতৈক শোধক।” পমীলাৰ এই কথাত চণ্ডী বৰুৱাই শান্তিৰাম ভকতক শুধিলে—“শান্তিৰাম! হয়নে? পমীলাই কোৱা কথা সঁচানে? তুমিনো ক’ত কি শুনিলা কোৱাচোন।” শান্তিৰাম—“দেউতা! মই কালি দুফপৰীয়া খাই বৈ উঠি খঞ্জুৰিটো লৈ যুগীৰ পামৰ ফালে গৈছিলোঁ। তাতে শুনি আহিলোঁ মান হেনো ভটিয়াই আহিব লাগিছে। হলকান্ত বৰুৱাও আগবাঢ়ি যোৱা কথা সঁচা। তেওঁৰ পুতেক লক্ষ্মীকান্ত ডেকা বৰুৱাই মানুহ দুনুহ লৈ গাওঁখন ৰক্ষা কৰি আছে।” বৰুৱা— “তেন্তে এতিয়া আমাৰ উপায়?” শান্তিৰাম—দেউতাৰ যেনে