সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
বৰনগৰ আক্ৰমণ

হেজাৰ আৰু আমাৰ তেৰ চৈধ্য হেজাৰ ৰণুৱা পালে তেওঁ মানৰ লগত মৰণত শৰণ দি যুঁজিব। দেউতাই আদেশ কৰক আমি কাইলৈ প্ৰাতসতে তেওঁলৈ মানুহ পঠাই দিওঁ।” চণ্ডী বৰুৱা— “পমীলা! তুমি সজ কৈছা। কিন্তু যুগীৰ পামৰ বৰুৱাই মোক “ঢেকেৰী” বুলি ঘিণায়। তেনে স্থলত তেওঁৰ পুতেকেনো আমাক নিঘিণাবনে? মাতি পঠালে জানো আহিব?” শান্তিৰাম —“দেউতা! মই বঢ়িয়াকৈ জানি আহিছো যুগীৰ পমীয়া বৰুৱাৰ পুতেকৰ মনত অহমীয়া ঢেকেৰী ইত্যাদি ভাব নাই। তেওঁ দেশৰ কুশলৰ হকে সদায় যত্নবান। তেওঁ নিজ মুখে প্ৰকাশ কৰিছে তেওঁ তেওঁৰ ৰণুৱা দুহেজাৰৰ লগত আমাৰ বৰনগৰৰ তেৰ হেজাৰ কোচ সৈন্য পোৱা হলে মানক ভালকৈ এপালি দি কাল লৈকে নাম ৰাখিলেহেঁতেন।” চণ্ডী বৰুৱা—“তেনেহলেতো বৰ বিশদ কথাই। বাৰু শান্তিৰাম! তুমি কালি প্ৰাতসতে যুগীৰ পামলৈ গৈ ডেকা বৰুৱাক লৈ আহিবা৷ এতিয়া কাতিয়াই গৈ আমাৰ সেনাপতি তিনিজনক মাতি আনক।” বৰুৱাৰ এই কথাত কাতিয়া তেতিয়াই সেনাপতিহঁতৰ ওচৰলৈ গ’ল আৰু “বৰুৱাই মাতিছে” বুলি কৈ তিনিউকে লগতে লৈ আহি বৰুৱাৰ সন্মুখ কৰি দিলে। বৰুৱাই তেতিয়া তেওঁবিলাকলৈ চাই কলে— “সেনাপতি সকল! মই শুনিলোঁ মান হেনো ভটিয়াই আহিব লাগিছে। এতিয়া আমিনো কি কৰিম?” বৰুৱাৰ এই কথাত অলপ তেজগোৰাকৈ ডেকা মিনাৰাম নামৰ সেনাপতিজনে কলে—“দেউতাই আদেশ কৰক বন্দীহঁতে ৰাতাৰাতি সৈন্য