পমীলাৰ এই কথাত মনোমতীয়ে তললৈ মূৰ কৰিলে। একো উত্তৰ নিদিলে। পমীলাই তেতিয়া মনোমতীয়ে সৈতে আন নানা তৰহৰ কথা বতৰা উলিয়াই বঢ়াই বুজাই লাহে লাহে কৰি তেওঁক নি সেই জুৰলোৱা ঘৰটোৰ পূবৰ খোটালিত বহুৱালে; আৰু বহুৱাই থৈ কাণৰ কাষত কেতখিনি কথা ফুচ্ফুচ্ কৰি কবলৈ ধৰিলে। তেওঁৰ সেই কথা শুনি মনোমতীয়ে উচাব থাই উঠি কলে—“সখি! ব’লা ঘৰলৈ যাওঁ।” পমীলাই কলে— “বাৰু যাম। অলপ বহাঁ।” এই কথা কৈয়েই পমীলা ডেকাবৰুৱা থকা খোটালিলৈ গ’ল আৰু ডেকা বৰুৱাক কলে— “দেউতা! আমাৰ খাওঁতে বওঁতে ভালেখিনি পলম হ'ল। বেজাৰ পাইছে হবলা।” লক্ষ্মীকান্তই কলে—“একো বেজাৰ পোৱা নাই। মোৰ অলপ অলপ টোপনি ধৰিছে। শুব খুজিছিলোঁ।” পমীলা—“বাৰু শুব। অলপ এইপোনে মোৰ লগত আহক।” পমীলাৰ এই কথাত ডেকা বৰুৱা তেওঁৰ পাছে পাছে গ’ল। পমীলাই তেওঁক নি পূবৰ খোটালিটোত সুমুৱালে। তেওঁ খোটালি সোমায়েই দেখিলে যে এখন শয্যাত এজনী গাভৰু মূৰে গায়ে কাপোৰ লৈ বহি আছে। ডেকা বৰুৱা বিমূঢ় হ’ল। টেটোন্ পমীলাই কবলৈ ধৰিলে—“দেউতা ক্ষেণভেনৰ শৰীৰ। আজি আছোঁ কালি নাই। মান হেনো অলপতে আহি পাব। কোন ক’ত মৰোঁ, কোন ক’ত থাকোঁ ঠিকনা নাই। আপুনি আকাশলৈ চাই শপত কাঢ়িছে আপুনি মোৰ সখীত বাজে আন কাকো ভাল নাপায়। সেই কথাকে মই বিশ্বাস কৰিছোঁ।
পৃষ্ঠা:Manomati.pdf/১১২
অৱয়ব