মনোমতী—“তৰাবিলাকেনো কি সুখ পায়?”
পমীলা—“তৰবিলাকে হেনো এই নীল আকাশখনত বিশেষকৈ জোনৰ পোহৰত জিলিকিবলৈকে সুখ পায়।”
মনোমতী—“ফুলবিলাকেনো কি সুখ পায় যে এনেকৈ ফুলে।”
পমীলা—“ফুলবিলাকে হেনো এনেকৈ ফুলিয়েই তোমাক মোক ভাল লগাবলৈ, তোমাক হেপাহ লগাবলৈ সুখ পায়।”
মনোমতী—“সখি! বাৰু তুমিনো কি ভাল পোৱাঁ! তোমাৰনো কি সুখ?”
পমীলা—“মই তোমাক ভাল পাওঁ। ফুলগছবিলাক ভাল পাওঁ। মাইকী ম’ৰা এজনীৰ লগত মতা ম’ৰা এটাক একেলগে থকা দেখিবলৈ ভাল পাওঁ।”
মতোমতী—“যোৱাঁ সখি। তোমাৰ কথাই এনেবিলাক।”
পমীলা—“এৰা সখি! মোৰ সুখ এই বিলাকেই। বাৰু সখি! তোমাক এটা বাতৰি দিওঁ। মই বঢ়িয়াকৈ জানি আহিলোঁ ডেকা বৰুৱা তোমাৰ নিমিত্তে উত্ৰাৱল। তোমাক নেপালে হেনো সংসাৰকে ত্যাগ কৰিব।”
মনোমতী—(তললৈ মূৰ কৰি)—“আমাৰ দেউতাৰে আৰু যুগীৰ পামৰ বৰুৱাৰে ভাল নাই।”
পমীলা—“যদিও দুই বৰুৱাৰে মনোবাদ আছে তথাপি ডেকা বৰুৱাই হেনো তোমাকেহে বিয়া কৰাব। তোমাক নেপালে হেনো বৰাগী হব।।”