আপুনি ধাৰ্ম্মিক, দেশৰ হিতচিন্তা কৰা, আৰু পৰৰ উপকাৰী। মোৰ সখীও ডাঙৰৰ ঘৰৰ জীয়াৰী। লৰাকালিৰে পৰা পিতৃ-মাতৃ বিহীনা। এই সখীক মই আজিৰে পৰা আপোনাৰ চৰণত সপিলোঁ। ভবিষ্যতে যদি সকলো জীয়াই থাকোঁ আপুনি যেন এই মোৰ সখীক শাস্ত্ৰ সম্মত মতে, আমাৰ দেশৰ নিয়ম মতে,বিয়া কৰায়। কিন্তু মই আজিয়েই আপোনাক গন্ধৰ্ব্ব-বিধিমতে সপি দিলোঁ।” এই কেই আষাৰ কথা কৈয়েই পমীলাই মনোমতীৰ মুখৰ ওৰণিখন গুচাই দিলে। ওৰণি গুচুৱামাত্ৰকে ডেকা বৰুৱাই এখনি অপৰূপীয়া মুখ দেখিলে। মনোমতীৰ সৌন্দৰ্য্যত তেওঁ বিভোৰ হ’ল। পমীলাই মনোমতীক কলে—“সখি! আজিৰ পৰা তুমি এওঁৰ হলা। এওঁৱে তোমাৰ স্বামী হ’ল। তিৰুতাৰ হেনো স্বামীয়েই জপ, স্বামী সেৱাই তপ যজ্ঞ সকলো। আজিৰ পৰা তোমাৰ স্বামী সেৱাই ব্ৰত হ’ল।” এই কেই আষাৰ কথা কৈয়েই পমীলাই মনোমতী আৰু ডেকা বৰুৱাক একেলগে থৈ ঘৰৰ দুৱাৰখন মাৰি ওলাই আহি পুখুৰীৰ পাৰত ক্ষন্তেক পৰ বহিল আৰু অৱশেহত ৰিহাৰ আঁচলেৰে চকু দুটা মছি আৰু দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি লাহে লাহে বৰুৱাৰ ঘৰৰ ফালে খোজ ললে।
পৃষ্ঠা:Manomati.pdf/১১৩
অৱয়ব