পৃষ্ঠা:Manomati.pdf/১০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৬
মনোমতী

 হলকান্ত—“সেনাপতি! তুমি মোক তোমাৰ লগৰীয়া পাতি ললে তোমাক মই এনেদৰে যুঁজ জিকাই ফুৰিম যে তুমি তেতিয়াহে জানিবা মই তোমাৰ কিমান উপকাৰী?”

 মিঙ্গিমাহা—কিয়! মই অকলৈ যুঁজ জিকিব নোৱাৰিমনে?”

 হলকান্ত—“সেনাপতি! তুমি আমাৰ এই কামৰূপখনক ইমান দুৰ্ব্বলী বুলি নাভাবিবা। ইয়াৰ মানুহবিলাক বৰ সাহিয়াল। বিশেষ আমাৰ এই খণ্ডত এজন বৰ ডাঙৰ মানুহ আছে। মোৰ নিচিনা মানুহ এটাক তুমি মিতিৰ পাতি নললে যুঁজ জিকি ফুৰিব নোৱাৰিবা।”

 হলকান্ত বৰুৱাৰ এই কথাত টেঙ্গুলা নামেৰে মানটো উঠি আহি কলে—“এই কুকুৰটোৰ কথাবোৰ শুনহঁক ঐ। মাৰিমনে কি ইয়াৰ মূৰত এটা লাঠি।” এই বুলিয়েই টেপুলাই গিৰিস কৰে হলকান্তৰ মূৰতে গোৰ একা মাৰি দিলে। গোটেইবিলাক মানেই তাৰ এই কথা দেখি হোঁ হোঁ কৰি হাঁহিবলৈ ধৰিলে। ইমান লাজ আৰু অপমান পাই হলকান্ত বৰুৱাইও মৰণলৈ আশা এৰি একেচাবে উঠি টেঙ্গুলাৰ বুকুত গোৰ এটা মাৰিলে; তেতিয়াই মান আৰু অহম দুইৰো হতাহতি লাগিল। দুইও বুকে বুকে হাতে হাতে গবাগবি কৰি পানীত পৰিল; এনেতে চাৰি পাঁচোটা মানে দুইকো পানীৰ পৰা টানি তুলি যুঁজখন এৰুৱাই দিলে। তুইও তিতিবুৰি জুৰুলি জুপুৰি হ’ল; এনেতে মিঙ্গিমাহাই হলকান্তক ওচৰলৈ মাতি নি পিন্ধিবলৈ কাপোৰ এযোৰ দি কলে—‘অহম! তোৰ সাহ আছে। তই মোৰ মিতিৰ হবৰ