পৃষ্ঠা:Manomati.pdf/১০১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৭
অহম-বঙাল

যোগ্য। বাৰু এই কাপোৰ পিন্ধ। আজিৰ পৰা তই মোৰ সখি হলি। ” হলকান্ত বৰুৱাই কলে—“সেনাপতি। তুমি আগতে থাকি তোমাৰ সেই মানটোৰ হতুৱাই মোক ইমান অপমান দিয়াব নেলাগিছিল। মইও এক খেলৰ বৰুৱা! মোৰো সৈন্য সামন্ত আছে।” মিঙ্গিমাহা—“সখি! আমাৰ মানৰ দস্তুৰেই এই যে যি অহমীয়া মানুহে আমাৰ দোৱনীয়া হবলৈ আহে আমি আগেয়ে এইদৰে তাৰ সাহপিতটো চাই লওঁ। মই দেখিলোঁ তোমাৰ সাহ আছে। এতেকে তুমি আজিৰ পৰা মোৰ মিতিৰ হলা। মই তোমাক সকলো কথাকে শুধি পুচিহে কৰিম। ” সেনাপতিৰ এই বুজনিত হলকান্ত বৰুৱা মনে মনে থাকিল। এনেতে নাৱৰ মানহঁতে সেনাপতিক কবলৈ ধৰিলে—“সেনাপতি। আমাৰ বৰ ৰং লাগিছে আমি আকৌ তোমাৰ এই সখিটোক লগত লৈ যুঁজ কৰিব পাৰিম।” সেনাপতিয়ে কলে—‘এৰা!”

 মানহঁতে তেতিয়া আনন্দৰ উলাসতে নাৱৰ ওপৰতে জপিয়াই জপিয়াই নাচিবলৈ ধৰিলে। এইদৰে নাওবিলাক অলপ মূৰ গৈয়েই গধূলি হ’লত চেঙ্গাৰ ঘাটত চাপিল। নাৱৰ পৰা মানহঁত নামিল। সেনাপতিয়ে আদেশ কৰিলে—“ভাইহঁত। আহ আজি আমি এই নৈৰ বালিতে আমাৰ সখিক লৈ ৰঙ ধেমালি কৰোঁ।” সেনাপতিৰ এই আদেশ পাই মানহঁতে হলকান্ত বৰুৱাক মাজত গৈ নৈৰ বালিত ঘূৰি ঘূৰি নাচিবলৈ ধৰিলে। মিঙ্গিমাহাই তেওঁৰ এটা জপাৰ পৰা ফটিকা উলিয়ালে। পোনেই নিজে এবাটি খালে। তাৰ পাছত তেওঁৰ গাভৰুজনীক খুৱালে;