অহম-বঙাল
হলকান্ত বৰুৱাক মানহঁতে নি যেতিয়া সিহঁতৰ সেনাপতিৰ আগ কৰিলে তেতিয়া মানৰ সেনাপতি মিঙ্গিমাহাই তাৰ চকু দুটা ওৰফুল যেন ৰঙা কৰি হলকান্তক সুধিলে—“তই কোন? কেলেই মোৰ নাওখন ৰাখিবলৈ কৈছিলি?” হলকান্ত বৰুৱাই তাৰ এই কথাত উত্তৰ দিলে—“সেনাপতি! মোৰ নাম হলকান্ত বৰুৱা। মই বৰপেটাত থাকোঁ। তুমি ভটিয়াই আহিছা বুলি শুনি মই তোমাক বৰিব আহিছো।”
মিঙ্গিমাহা—“মোকনো বৰাৰ সকাম কি?”
হলকান্ত—“মই তোমাৰ মিতিৰ হব খোজোঁ।
হলকান্ত বৰুৱাৰ এই কথাত নাৱৰ গোটেইবিলাক মানেই হোঁ হোঁ কৰি হাঁহিবলৈ ধৰিলে; তাৰ পাছত টেঙ্গুলা নামেৰে মানটোৱে কলে—“এই বান্দৰটোৰ কথা শুনহঁক অ৷ ই এতিয়া মৰিবলৈ ভয় কৰি কাওবাৱনি লগাইছে। সেনাপতিয়ে আদেশ কৰিলে মই ইয়াৰ বুকু ফালি তেজ পিব পাৰোঁ।”
মিঙ্গিমাহা—“টেঙ্গুলা! অলপ পৰ মনে মনে থাক। মই ইয়াক কথা বতৰা সোধোঁ।”
সেনাপতিৰ এই কথাত টেঙ্গুলা মনে মনে থাকিল। তাৰ পিছত মিঙ্গিমাহাই হলকান্তলৈ চাই কবলৈ ধৰিলে—“মোকনো বৰাৰ সকাম কি? কিবা অভিপ্ৰায় আছে হবলা?”