শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ এনে সময়তে ভৱানন্দৰ পিতৃ ঢুকাল। ভৱানন্দই খুৰাক চৈতন্যৰে সৈতে গৃহকাৰ্য্য কৰি থাকিবলৈ ধৰিলে। ইয়াৰ কিছু দিনৰ পিছত তেওঁৰ মাকও পৰলোকলৈ গল; আৰু ৰাজ্যত ঘোৰ আকাল হল। এনেকুৱা হোৱা দেখি ভৱানন্দই তেওঁৰ খুৰাকেৰে সৈতে পৰামৰ্শ কৰি সেই ঠাই এৰি যাবলৈ থিৰ কৰিলে, আৰু যথাসৰ্বস্ব ভৰা দি নাৱেৰে উজাই আহিল। ব্ৰহ্মপুত্ৰত লাহ বিলাহ নামেৰে দুটা ডাঙৰ পাক আছিল, সেইখিনিত সোঁতৰ বেগ বৰ কোবাল। তেওঁলোক উজাই আহি সেইখিনি পালত, পাকঘূৰণিত পৰি তেওঁলোকৰ নাওখন বই-বস্তু সোপাৰে সৈতে পানীৰ তললৈ গল। খুৰাক ভতিজাক কোনোমতে সাঁতুৰি প্ৰাণ লৈ পাৰত উঠিলহি। তেওঁ লোকৰ শৰীৰ একেবাৰেই বিবস্ত্ৰ। ভাগৰত তেওঁলোক গৰাৰ তলত আউজি জিৰাই থাকোতে এজনী তিৰোতা মানুহ সেইপিনে পানী আনিবলৈ আহি তেওঁলোকৰ তেনে দুৰ্দ্দশা দেখি, দুইকো দুখন বস্ত্ৰ দিলত, তেওঁলোকে তাকে পিন্ধি ওপৰলৈ উঠি আহিল। তাৰপৰা লাহে লাহে গৈ তেওঁলোক দুয়ো গাঁৱত সোমাই দেখিলে যে এজোপা গছৰ তলত কিছুমান মানুহে মেল কৰিছে। ভৱানন্দই খুৰাকেৰে সৈতে ওচৰ চাপি গৈ সেইখিনি পালত, দেখিলে যে তাতে তেওঁলোকৰ ধৰুৱা এজন আছে। ধৰুৱাজনে তেওঁলোকক দেখি চিনি পাই আথেবেথে সকলো কথা শুধিলত, তেওঁলোকে নিজৰ দুৰ্দশাৰ বৃত্তান্ত জনাই, ধৰুৱাক কলে যে “তুমি আমাক প্ৰবৰ্ত্তিবৰ নিমিত্তে অলপ দ্ৰব্য-বস্তু দিয়া, আমাৰ ধাৰৰ টকা সোপাকে আমি তোমাক এৰি দিলো।” এই কথা শুনি ধৰুৱাই সন্তোষ পাই, তেওঁলোকক লোটা বাটি কাপোৰ আনি দিলে, তেওঁলোকে তাকে লৈ কুটুম্ব এঘৰত থাকিলগৈ। দিনদেক কুটুম্বৰ ঘৰত থাকি ভাল নালাগি তেওঁলোকে দিঙ্গা নগৰত ঘৰ-বাৰী সাজি থাকিল গৈ। তাতে তেওঁলোকে কিছুমান ছাগলী পুহি বেচি অলপ টকা গোটালে। ভৱানন্দই ভালকৈ পাশা খেলিব জানিছিল, তাতে তেওঁ পাশা খেলি জিকি কিছুমান ধন পালে। ইয়াৰ পিছত ভৱানন্দই তাতে এজনী ছোৱালী বিয়া কৰাই ৰীতিমতে গৃহস্থী হল। লাহে লাহে তেওঁ পাণৰ ব্যৱসায় কৰি চহকী হল। পাণৰ গৰাকীৰ বাৰীৰ পাণ তেওঁ গছত উঠি পাৰি দিয়ে, আৰু গৰাকীয়ে সেইবাবে তেওঁক কিছু পাণ এনেই দিয়ে, সেই পাণকে লৈ তেওঁ বজাৰত বেচি ধন পায়। এইদৰে পৰিশ্ৰম কৰি ভৱানন্দই বহুত ধন ঘটিলে। এদিন এজনী পোহাৰীয়ে তাইৰ পোহাৰত
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৯৬
অৱয়ব